নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ-পূব ভ্ৰমণৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়েঃ সৰ্ব্বানন্দ সোণোৱাল

  • কংগ্ৰেছৰ অৰ্কমন্যতা, ভুল নীতিৰ বাবেই ৰাষ্ট্ৰীয় জলপথ ধোৱাচাঙত

নিয়মীয়া বাৰ্তা, ৫ মে’: কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে–এই ভাষ্য কেন্দ্ৰীয় মন্ত্ৰী সব্বানন্দ সোণোৱালৰ। উত্তৰ পূৰ্বাঞ্চলত কাৰ্যকৰী হোৱা প্ৰতিখন আঁচনি,প্ৰকল্পৰ অগ্ৰগতি,সঠিকভাৱে কাম-কাজ হৈছে নে নাই তাৰ ক্ষেত্ৰভিতিক পৰিদৰ্শন কৰিবলৈকো কেৱল কেন্দ্ৰীয় মন্ত্ৰীয়েই নহয়,উচ্চ পদস্থ বিষয়া সকলকো উত্তৰ পূৰ্ব্বাঞ্চল ভ্ৰমণৰ বাবে নিৰ্দেশ দিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত সদৰী কৰে।

“কংগ্ৰেছৰ শাসন কালত ভাৰতৰ ৰাষ্ট্ৰীয় জলপথৰ কোনো উন্নয়ন সাধনৰ পোষকতা নকৰিলে।সূৰ্দীঘকাল কংগ্ৰেছে শাসনত থাকি ইনলেণ্ড ৱাটাৰ ৱেইজক সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনোদিনেই পৰিকল্পনা প্ৰস্তুত কৰিব নোৱাৰিলে।তেওঁবিলাকৰ অৰ্কমন্যতা,ভুল নীতিৰ বাবেই দেশৰ জনগনে ভুগিব লগা হল।কংগ্ৰেছৰ শাসনত মাত্ৰ ৫ টা ৰাষ্ট্ৰীয় জলপথৰ মাজতেই সীমাবদ্ধ হৈ আছিল।কিন্তু মোদীয় দেশৰ শাসনভাৰ লোৱাৰ পাছত ১১১ টালৈ ৰাষ্ট্ৰীয় জলপথৰ সুগম ব্যবস্থা কৰা হল”—কেন্দ্ৰীয় জাহাজ,বন্দৰ, জল পৰিবহণ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ আৰ্ৱত ভৱনত আয়োজিত এক সংবাদমেলত এনেদৰেই মন্তব্য কৰে।

কেন্দ্ৰীয় প্ৰেটলিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত আৰু ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডঃ সৈকত পাত্ৰ উপস্থিত থকা সংবাদ মেলত সোণোৱালে কয় যে ১১১ টা ৰাষ্ট্ৰীয় জলপথৰ ২৬ টাৰ আন্তঃগাঠনিৰ উন্নয়ন সাধন কৰাৰ লগতে যাতায়তৰ বাবেও সুগম কৰি তোলাত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্বসহকাৰে লৈছে।২০১৪ চনলৈ মালবাহী জাহাজৰ বহন ক্ষমতা ১৬ মিলিয়ন মেট্ৰিক টন আছিল।কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত ১২৫ মিলিয়ন মেট্ৰিক টনলৈ বহন ক্ষমতা বৃদ্ধি পোৱাতো যথেষ্ট উল্লেখযোগ্য বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সদৰী কৰে।বৃটিছৰ শাসন কালত উত্তৰ পূৰ্বাঞ্চলত জলপথৰেই সকলো বানিজ্য হৈছিল।পৰৱৰ্তী সময়ত কংগ্ৰেছ দেশৰ শাসনলৈ আহিল যদিও এই জলপথৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি সোণোৱালে সংবাদ মেলত উল্লেখ কৰে।যোৱা ৯ বছৰীয়া কাৰ্যকালত,২০১৪ চনৰে পৰা এতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলক কেৱল অষ্টলক্ষ্মী বুলিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ কৰা নাই।মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিশাল সম্পদ সম্ভাৱনাপূৰ্ণ শক্তিৰ বাবে প্ৰয়োজনীয় যি পদক্ষেপ গ্ৰহণ কৰিব লাগে,সেই সকলো পদক্ষেপ গ্ৰহণ কৰাত আগ্ৰহ প্ৰকাশ কৰিছে।যাতায়ত,যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন নীতি গ্ৰহণৰে বহু আঁচনি কাৰ্যসূচী,প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰি আজি উত্তৰ পূৰ্বাঞ্চলক,ভাৰতৰ অন্যতম শক্তিশালী অঞ্চল হিচাপে গঢ় দিয়াত মোদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।এই অঞ্চলত কাৰ্যকৰী হোৱা বা বিভিন্ন প্ৰকল্প,আঁচনিৰ কাম পৰিদৰ্শন কৰিবলৈকো কেন্দ্ৰীয় মন্ত্ৰী সকলক সময়ে সময়ে পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিয়াতোৱেই প্ৰতিপন্ন কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কিমান আন্তৰিকতা আছে সেয়া ৫০ বাৰতকৈ অধিক বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি কামেৰে প্ৰমাণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে সংবাদ মেলত সদৰী কৰে।

তেওঁ আৰু কয় যে দক্ষিণ পূৱ এছিয়া তথা ভৰতবৰ্ষৰ এক শক্তিশালী উন্নয়ন অঞ্চল হিচাপে এই উত্তৰ পূৰ্ৱাঞ্চলক গঢ় দিয়াৰ ক্ষেত্ৰত মোদী সক্ষম হৈছে।এক্ট ইষ্ট পলিচিৰ কাৰ্যকৰী ৰূপ দি আজি উত্তৰ পূৰ্বাঞ্চলক চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতেও যোগাযোগৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ বাবেই বাংলাদেশৰ প্ৰটকল জলপথ মুকলি হল।যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্য পোনপটীয়াকৈ জলপথৰ সুবিধা গ্ৰহনৰে আৰ্থিকভাবে টনকিয়াল হব পৰা হল–সোণোৱালে কয়।কলকতাৰ শ্যামা প্ৰসাদ মুৰ্খাজী জাহাজ বন্দৰৰ পৰা কালি ম্যানমাৰলৈ জলপথৰে মালবাহী জাহাজৰ শুভাৰম্ভই এক নতুন দিগন্তৰ সূচনা কৰাৰ কথা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত অহা ৯ মে’ত দেশৰ পৰা যোৱা জাহাজখন ম্যানমাৰৰ ৰাকিনচ্ প্ৰদেশৰ চি’টৱে বন্দৰত আদৰণি জনোৱাৰ কথাও উল্লেখ কৰি ম্যানমাৰ চৰকাৰৰ মন্ত্ৰী,আমোলা,বিষয়াৰ সৈতে ভবিষ্যতৰ কাৰ্যপণ্ঠাৰ বাবে আলাপ-আলোচনাত মিলিত হব বুলি সোণোৱালে জানিবলৈ দিয়ে।সংবাদ মেলত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ম্যানমাৰৰ চি’টৱে বন্দৰ, ভাৰতৰ সৈতে সংযোগ হোৱাৰ লগে লগে মনিপুৰ,মিজোৰামৰ লগতে উত্তৰ পূৰ্বাঞ্চল লাভান্বিত হোৱাৰ কথা উনুকিয়াই কয় যে ১৫০০ কি:মি: পথৰে বয়-বস্তুৰ পৰিবহণত প্ৰতি কেজিত ১৫/২০টকা পৰ্যন্ত খৰচ হোৱাৰ বিপৰীতে জলপথৰে এনে পৰিবহণত মাত্ৰ ৫ টকাতেই গন্তব্যস্থান পাব পাৰি।প্ৰধানমন্ত্ৰী মোদীৰ বিচক্ষণতা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই আজি কৃষকে ধানৰ উচিত মূল্য পোৱাৰ লগতে বহু নিবনুৱা সংস্থাপিত হোৱা বুলিও সংবাদ মেলত উল্লেখ কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like