বালিপৰাত মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; আঘাতপ্ৰাপ্ত পত্নীসহ বিধায়ক
নিয়মীয়া বাৰ্তা: ৯ মে: মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা৷ বলেৰ’ বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকী৷ বিধায়কগৰাকীৰ কিয়া কাৰ্নিভেল বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে বালিপৰা-ধেমাজি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লখিমপুৰ দিশৰ পৰা তেজপুৰ দিশলৈ আহি থকা মাজুলীৰ বিধায়ক ভূবন গামৰ এ এছ ০১ এফ এফ ১২০০ নম্বৰৰ কিয়া কাৰ্ণিভেল নামৰ বিলাসী বাহনখনক একে দিশেৰে গৈ থকা এখন বলেৰ’ গাড়ীয়ে পিছফালৰপৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত বিধায়কগৰাকীৰ গাড়ীখনৰ পিছফালৰ অংশ বিস্তৰ ক্ষতিসাধন হয় । লগতে গাড়ীখন থকা বিধায়ক গাম, তেখেতৰ পত্নী, পি এছ অ আৰু পি এ সামান্য আঘাতপ্ৰাপ্ত হয় । আনহাতে বলেৰ’ গাড়ীখন ঘটনাটো সংঘটিত কৰি পথৰ কাষত বাগৰি পৰে । পিছত আঘাতপ্ৰাপ্ত বিধায়ক গাম, তেওঁৰ পত্নী আৰু অন্যান্যসকলক ১০৮ এম্বুলেঞ্চৰ সহায়ত প্ৰাথমিক চিকিৎসাৰ বাবে তেজপুৰৰ টাইমছ চিকিৎসালয়লৈ নিয়া হয় ।