বিশেষ বাৰ্তা, ১৫মেঃ ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। ডিব্ৰুগড় বগীবিল দলঙৰ সমীপত আৰক্ষীয়ে অভিযান চলাই জ্বব্দ কৰে ১ কিলো ৭৪ গ্ৰাম নিষিদ্ধ হে’ৰইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰী। ধেমাজিৰ চিলাপথাৰৰ কাৰপুনপুলিৰ চিৰঞ্জীব পাইট (২৫), দীপাংকৰ কুটুম (২৩), জুনাকি নগৰৰ বলুৰাম দত্ত (২৮) আৰু মিচিং গাঁৱৰ প্ৰবিত্ৰ কুটুমক (২৭) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে এ এচ-০৬-এএ-৮৭৪১ নম্বৰৰ এখন বেলিন’ বাহনো জব্দ কৰে। জানিব পৰামতে অভিযানত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বৰবৰুৱা থানাৰ আৰক্ষী বিষয়া (এছ আই) চুমন শ্বাহ। বগীবিল দলং এতিয়া ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ হৈ অহাত ব্যাপক উদ্বেগৰ বিষয় হৈ পৰিছে। আৰক্ষী সূত্র মতে সৰবৰাহকাৰী দলটোৱে যোৰহাট বাইপাছৰ পৰা চিলাপথাৰলৈ লৈ গৈ আছিল হে’ৰইনখিনি। আৰক্ষীয়ে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত খেদি যাওঁতে, সৰবৰাহকাৰী দলটোৱে গাড়ীৰ ব্ৰেক মাৰি দিয়াত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰক্ষী বিষয়া শ্বাহ। জানিব পৰা মতে জব্দকৃত হে’ৰইন খিনিৰ বজাৰ মূল্য প্ৰায় ১৮ লাখ বুলি অনুমান কৰা হৈছে। স্বাভাৱিকতেই ডিব্ৰুগড়ৰ বগীবিল দলং নিষিদ্ধ ড্ৰাগ্চৰ কৰিডৰ হিচাপে পৰিগণিত হোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে। বহু দশক ধৰি উজনিৰ ডিব্ৰুগড় নিষিদ্ধ ড্ৰাগ্চৰ অবৈধ ঘাটি হিচাপে বিবেচিত হৈ আহিছে যদিও আৰক্ষীৰ তীক্ষ্ণ অভিযানেও সমূলঞ্চে উৎখাত কৰিবলৈ এই পৰ্যন্ত সক্ষম নোহোৱাত সকলোকে ভবাই তুলিছে।
প্ৰেৰক বিভাস দুৱৰা