নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হাতী ছাফাৰি-ৰিভাৰ ৰাফটিং

নিয়মীয়া বাৰ্তা, ১৫ মেঃ আজিৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী-বিদেশী পৰ্যটকে নাপাব হাতী ছাফাৰীৰে মনোৰঞ্জন কৰাৰ সুযোগ। ৰাষ্ট্ৰীয় উদ্যানখনত আজিৰে পৰা বন্ধ হ’ল হাতী ছাফাৰি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক হাতীৰ পিঠিত উঠাই মানাহৰ প্ৰকৃতিক সৌন্দৰ্য, জীৱজন্তুৰ লগতে অৰন্য ঘুৰোৱা মানাহৰ ৬১টা হাতীয়ে লব জিৰণি। প্ৰায় ৫ মাহৰ বাবে আজৰি হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ দৈমালু, চামেলি, মোহন, মীৰা, প্ৰমীলাকে ধৰি ৬১টাকৈ পোহনীয়া হাতী। হাতী ছাফাৰীৰ লগতে আজিৰ পৰা বন্ধ হ’ল ৰিভাৰ ৰাফটিং। ইতিমধ্যে এক জাননীযোগে সদৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে। ৰাষ্ট্ৰীয় উদ্যানখনত আজিৰ পৰা হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আৰু ৫ জুনৰ পৰা জীপ চাফাৰী বন্ধ হোৱাৰ কথা সদৰি কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে কয়, প্ৰতিবছৰৰ দৰে এইখিনি সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ আহিছে। বাৰিষা অহাৰ ফলত বেঁকী নৈৰ পানী বঢ়া কমা হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে হাতী চাফাৰী গোটেই অসমতে মে’ মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয়। কিন্তু অসম চৰকাৰৰ দুই বছৰ সম্পূৰ্ণ হোৱা হেতুকে মানাহত কিছুদিন বঢ়াই আজিৰ পৰা হাতী চাফাৰী আৰু হাতী আপকীফ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাতৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো ৫ জুনত জীপ চাফাৰী বন্ধ হোৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, প্ৰায় তিনি মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও জানিব দিয়ে ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like