নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইজানৰ মৃতদেহ কফিনত ভৰাই ইণ্ডিগ’ বিমানেৰে উৰা মাৰিল কলকতালৈ!

  • ফাইজানৰ কবৰৰ পৰা সংগ্ৰহ কৰা বহু কেইটা নমুনাৰ টুপোলা মাতৃয়ে নিজৰ লগত নিয়ে!

নিয়মীয়া বাৰ্তা, ২৪ মে’: খড়গপুৰৰ আইআইটিৰ ছাত্ৰ ফাইজানৰ মৃতদেহ কফিনত ভৰাই ইণ্ডিগ’ বিমানেৰে মোহনবাৰী বিমান বন্দৰৰ পৰা পুৱা প্ৰায় ১১ বজাত উৰা মাৰে কলকতালৈ।কলকতাৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশত দ্বিতীয় বাৰৰ বাবে পুনৰ ফাইজানৰ মৰনোত্তৰ পৰীক্ষা কলকতাত সম্পন্ন কৰা হব।সেয়ে কালি ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত কবৰস্থ ফাইজানৰ মৃতদেহ খড়গপুৰৰ তদন্তকাৰী দল,৬ গৰাকী ফৰেনচিক চায়েঞ্চৰ বিষয়া,দণ্ডাধীশ,জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক,কৱৰস্থান কমিটিৰ উপস্থিতিত খান্দি উলিওৱা হৈছিল।আনহাতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালত পুৱাই ফাইজানৰ পৰিয়াল,পশ্চিমবংগৰ আৰক্ষীৰ দল,ডিব্ৰুগড় আৰক্ষীৰ উপস্থিতত মৰ্গত ৰখা ফাইজানৰ শৱদেহ বিশেষভাবে পেকিং কৰা হয়।ইয়াৰ বাবে পুৱা প্ৰায় ৪ বজাতে ফাইজানৰ পৰিয়াল উপস্থিত হয় অসম চিকিৎসা মহাবিদ্যালয়ত সকলো চৰকাৰী নথি-পত্ৰ তথা নিয়ম সম্পাদন কৰি কফিনত ভৰোৱা শৱদেহ সহ পৰিয়াল তথা খড়গপুৰৰ তদন্তকাৰী দল পুৱা প্ৰায় ৭ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়। বিমান বন্দৰত উপস্থিত হৈ বিমানত লৈ যোৱাৰ বাবে প্ৰয়োজনীয় চৰকাৰী কাম সমূহ নিয়াৰিকৈ সম্পাদন কৰাৰ পাছত বিশেষ বাহনৰে ইণ্ডিগ’ৰ ৬ই-৬৮৭৩ নম্বৰ বিমানৰ বিশেষ কক্ষত ভৰোৱা হয়।ইয়াতে উল্লেখ কৰাতো ভাল যে ফাইজানৰ কবৰৰ পৰা সংগ্ৰহ কৰা বহু কেইটা নমুনাৰ টুপোলা ফাইজানৰ মাতৃয়ে নিজৰ সামগ্ৰীৰ সৈতে কৰিয়াই নিয়াতো উল্লেখযোগ্য বুলিও বিবেচিত হৈছে।

ইফালে দিনৰ ১১ বজাত ফাইজান শৱদেহৰ লগত একেখন বিমানত যাত্ৰা কৰে ফাইজানৰ পিতৃ-মাতৃ আৰু কলকাতাৰ তদন্তকাৰী আৰক্ষীৰ দলটোৰ মনোজ কুমাৰ সিং নামৰ এজন আৰক্ষী।বাকী তিনিজনজন কলকতাৰ আৰক্ষীৰ লোকে এয়াৰ ইণ্ডিয়াৰ এ১-৭৩৪ যোগে দুপৰীয়া ১:৩৫ বজাত কলকাতালৈ ৰাওনা হয়।উল্লেখ্য যে কলকতাৰ খড়গপুৰ আই আই টিত ৰহস্যজনক ভাৱে মৃত অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ গেলাপুখুৰীৰ সমিপৰ চান্দমাৰী তিনিআলিৰ নিৱাসী ছেলিম আহমেদ আৰু ৰেহেনা আহমেদৰ একমাত্র পুত্র ফাইজানৰ মৃতদেহ।পৰিয়ালে এইয়া হত্যা বুলি দাবী কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল আৰু ন্যায়ালয়ে ফাইজানৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ আদেশ জাৰি কৰিছিল।উল্লেখ্য যে কালি কবৰ খননৰ সময়ত পশ্চিমবংগৰ তদন্তকাৰী দল আৰু ফৰেনচিক দলৰ উপৰিও খড়গপুৰ আইআইটিৰ চাৰিজনীয়া দলে অনুমতি নোহোৱাকৈ কবৰস্থানত প্ৰৱেশ কৰাক লৈ একপ্ৰকাৰ উতপ্ত হৈ পৰিছিল খনন চলি থকা আমোলাপট্টী কৱৰস্থানত।তাতে যিগৰাকী হোষ্টেলৰ ৱাৰ্ডেন তথা পঞ্জীয়ক ড° তামাল নাথৰ ওপৰত,ফাইজানৰ অভিভাৱকৰ গুৰুতৰ অভিযোগ আছিল;সেই গৰাকী বিষয়াসহ চাৰিগৰাকীয়ে খনন স্থলীত কলকতাৰ পৰা আহি আশ্বৰ্যজনকভাবে উপস্থিত হোৱাতোৱে বহু ৰহস্যৰ স্বৃষ্টি কৰিছিল।প্ৰসংগক্ৰমে যোৱা ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনক অৱস্থাত আই আই টি খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়া চহৰৰ ছাত্ৰ ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ হোষ্টেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ভাৰততে সৃষ্টি কৰিছিল চাঞ্চ্যলৰ।মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল ফাইজান। আই আই টি চৌহদৰ ভিতৰত অৱস্থিত লালা লাজপত ৰায় হলৰ সমীপৰ এটা বন্ধ কোঠাৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহে।আজি পৰ্যন্ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।ঘটনা সংঘটিত হোৱা দিন ধৰি প্ৰায় সাতমাহ উকলি যোৱাৰ পাছত ফাদিল হৈছে যে ফাইজান আহমেদক হত্যা কৰা হৈছিল।পৰিয়ালৰ লোকে ছাত্ৰজনক হত্যা কৰা বুলি আদালতৰ দাৰস্থ হোৱাৰ পিছতে কলকতাৰ উচ্চ ন্যায়ালয়ে যোৱা ২৫ এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল।

আনহাতে তদন্তৰ সময়ত ফৰেনচিক চিকিৎসকগৰাকীৰ অনুসৰি মৰণোত্তৰ পৰীক্ষা সময়ত কৰা ফটোগ্ৰাফীত কিছু বিসংগতি দেখা গৈছিল। মৃতদেহটোত আঘাট প্ৰাপ্ত ঠাই সমূহৰ কোনো ফটোগ্ৰাফী কৰা হোৱা নাছিল।চিকিৎসগৰাকীৰ এইক্ষেত্ৰত কিছু সন্দেহ ওপজাত তেখেতে ফাইজানৰ মৃত্যু আত্মহত্যা নহয় হত্যাহে বুলি উল্লেখ কৰি মৃতদেহটো পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনায়।এই আবেদনৰ শুনানি স্বৰূপে কলকাতা উচ্চ ন্যায়ালয়ে ফাইজানৰ মৃত্যু হত্যাকাণ্ড বুলি এক গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ লগতে এমাহৰ ভিতৰতে কঠোৰ নিৰাপত্তাৰ মাজত পুনৰ মৃতদেহটো কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ অনাৰ নিৰ্দেশ জাৰি কৰিছিল।কালি ডিব্ৰুগড় আমোলাপট্টি কবৰস্থানৰ পৰা পুৱাৰ ভাগত খনন চলাই উলিওৱা হৈছিল ফাইজান আহমেদৰ মানৱ দেহৰ অৱশেষ।বিগত বষৰ ১৬ অক্টোবৰত ফাইজানক ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰস্থানত সমাধিস্থ কৰা হৈছিল।এতিয়া দ্বিতীয় মৰনোত্তৰ ফলাফলত দুৰ্ভগীয়া পৰিয়ালটোৱে কি ন্যায় লাভ কৰিব সেয়া লক্ষনীয় হৈ পৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like