নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিনিয়াছ প্ৰীতম : তেৰ বছৰ বয়সতে ৩১৫খন ভাওনাত অভিনয়

নিয়মীয়া বাৰ্তা, ২৫ মে’ : মাত্ৰ তেৰ বছৰ বয়সতে ৩১৫খন ভাওনাত অভিনয় কৰি একপ্ৰকাৰ অভিলেখ গঢ়িছে ল’ৰাজনে। প্ৰহ্লাদ আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰি সুখী হোৱা ল’ৰাজনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাওনাত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে ৰাজ্যৰ ৪২ স্থানত শ্ৰেষ্ঠ অভিনেতা-শিশুশিল্পীৰ খিতাপ দখল কৰা এই তেৰ বছৰীয়া ল’ৰাজনৰ নাম প্ৰীতম বড়া। ২০১০ চনৰ ৭ অক্টোবৰত জন্ম লাভ কৰা শিৱসাগৰ সপোন নগৰ নিবাসী সপোন বড়া আৰু জোনটি বড়াৰ একমাত্ৰ পুত্ৰ প্ৰীতমে মাত্ৰ ৪ বছৰ বয়সতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ২০১৪ চনৰ বিশ্বকৰ্মা পূজাত “হৰিশ্চন্দ্ৰ উপাখ্যান” ভাওনাত ৰোহিতৰ চৰিত্ৰত  অভিনয়েৰে অভিনয় জীৱনৰ পাতনি মেলে। বৰ্তমান শিৱসাগৰ মেলাচ’কস্থিত শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰীতম বড়াই সুদীৰ্ঘ ৯ বছৰে ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ হৈ ভাওনাত অভিনয় কৰি অহাৰ লগতে মূৰুলী শিল্পী সমাজ, মৰাণ, স্থানীয় সপ্তৰথী শিল্পী সমাজ, দীনবন্ধু শিল্পী সমাজ, ডেকাগিৰি সাংস্কৃতিক গোষ্ঠী আদিৰ হৈ ভাওনাত অভিনয় কৰিছে। যোৰহাটৰ নিতুমণি বড়া বায়নৰ ওচৰত প্ৰথম অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা প্ৰীতমে পিতৃ-মাতৃৰ পৰা সদায় অনুপ্ৰেৰণা লাভ কৰি আহিছে । লখিমপুৰ, তিনিচুকীয়া, নামৰূপ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, বৰপথাৰ, সৰুপথাৰ, দুলীয়াজান, মৰাণ, ফুলপানীছিগা, শিৱসাগৰ, জয়সাগৰ আদি ৪২ স্থানত সদৌ অসম ভিত্তিত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতা-শিশুশিল্পীৰ খিতাপ দখল কৰা প্ৰীতমে একাধিকবাৰ প্ৰহ্লাদ, হিৰণাক্ষ, নাৰদ, বিপ্ৰ, একলব্য, সৰ্বদমন, বিষ্ণু, ল’ব, কুশ, চাৰিসিদ্ধা, সিন্ধুমুণি, অন্ধমুণি, লক্ষ্মণ আদি চৰিত্ৰত অভিনয় কৰিছে। ২০১৬ চনত প্ৰথমে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল কৰা প্ৰীতমে একাধিকবাৰ শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰৰ খিতাপো দখল কৰিছে । নাটখন অধ্যয়ন কৰি চৰিত্ৰটো অতি সূক্ষ্মভাৱে বিশ্লেষণেৰে সংলাপ আৰু অভিনয় হৃদয়ঙ্গম কৰা প্ৰীতমে কোনো আখৰা নকৰাকৈয়ে ভাওনাত অভিনয় কৰে । উল্লেখযোগ্য যে, এগৰাকী সুদক্ষ ভাৱৰীয়া পিতৃ সপোন বড়াই পুত্ৰক ভাওনাত অভিনয় কৰিবলৈ অনুপ্ৰাণিত কৰি  নিজে ভাওনাত অভিনয়ৰ পৰা আতঁৰি থাকে। কিন্তু অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত  ভাওনাত অভিনয় কৰাবলৈ পুত্ৰক নিজে লগত লৈ যায়। জীৱনত কেতিয়াও বিদ্যালয় খতি নকৰা প্ৰীতমে মোৰ, পেঁপা, নাগৰা, বাহী আদি লোকবাদ্য বজোৱাৰ লগতে গীতাৰো বজায় । আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ ভালপোৱা প্ৰীতমৰ মতে, আগ্ৰহ থাকিলে আৰু একাগ্ৰতাৰে কৰিলে যিকোনো কামত সফলতা লাভ কৰিব পাৰি। অধ্যয়নৰ প্ৰতি আগ্ৰহ আৰু একাগ্ৰতা থকাৰ বাবে নিশা ভাওনাত অভিনয় কৰিও প্ৰীতমে পিছদিনা পৰীক্ষাত অৱতীৰ্ণও হৈছে। সময়ৰ সদ্ব্যৱহাৰ কামত সফলতাৰ অন্যতম কাৰণ বুলি প্ৰীতমে দৃঢ় বিশ্বাস কৰে। নিজৰ অনুপস্থিতিত ভাওনাত অভিনয় কৰিব পৰাকৈ ১০ গৰাকী মান শিশুক প্ৰশিক্ষণ প্ৰদান কৰি প্ৰস্তুত কৰি তুলিছে শিশুশিল্পী প্ৰীতমে। মেধাবী ছাত্ৰ প্ৰীতমে ভৱিষ্যতে সাংস্কৃতিক ধাৰা অব্যাহত ৰখাৰ সমান্তৰালকৈ এগৰাকী সুদক্ষ ভাৰতীয় লোকসেৱা বিষয়া হোৱাৰ লক্ষ্যৰে অধ্যয়নত মনোনিৱেশ কৰিছে ।
প্ৰেৰক অজিত চুতীয়া
You might also like