নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খ্ৰীষ্টান পৰিচালিত মাজুলী ইংলিছ স্কুলত ছাত্ৰক মানসিক নিৰ্যাতন শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৫ জুন : মাজুলীৰ একাংশ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক-মানসিক, আৰ্থিকভাৱে অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বিশেষকৈ শিক্ষা প্ৰদানৰ গইনা লৈ মাজুলীৰ বিশেষ কিছুমান অঞ্চলত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰতো এই একাংশ বিশেষ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিশেষ ভাৱে প্ৰভাৱ পেলাই আহিছে বুলি বিভিন্ন লোকে মত প্ৰকাশ কৰি আহিছে। শিক্ষাৰ নামত অধিক মূল্যত বিদ্যালয়ৰ কিতাপ চপা কৰি অধিক মূল্যত বিক্ৰী কৰা৷ ইউনিফৰ্মৰ নামত বেপাৰ কৰা, অধিক মাহেকীয়া মাছুলেৰে মাজুলীৰ কৃষিপ্ৰধান অঞ্চলসমুহৰ অভিভাৱকক জুৰুলা কৰি আহিছে একাংশ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷ এই ব্যক্তিগত বিদ্যালয়সমুহক নিয়ন্ত্ৰণ কৰাত মাজুলী জিলা প্ৰশাসন ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে সচেতন মহলে৷ শেহতীয়াকৈ ২৪ মেৰ দিনা মাজুলীৰ নামনি চেৰেপাইস্থিত মাজুলী ইংলিছ স্কুলত প্ৰায় ৩০জন ছাত্ৰৰ চুলি শিক্ষকে প্ৰাৰ্থনা সভাতে কেচিৰে খলাবমাকৈ কাটি কন কন ছাত্ৰসকলক মানসিক কষ্ট দিয়া কাৰ্যই অভিভাৱকসকলক চিন্তিত কৰি তুলে ৷ ছাত্ৰৰ চুলি দীঘল হলে কাটিব লাগেনে নালাগে সেয়া প্ৰতিজন অভিভাৱকেই  জানে বা নিদিষ্ট সময়ত চুলি কাটি নিজৰ সন্তানক পৰিপাটীকৈ অভিভাৱকে বিদ্যালয়লৈ পঠিয়াই আহিছে তাৰ পিছতো সামান্য চুলি দীঘল হোৱাতেই এইদৰে কনকন ছাত্ৰক মানসিক আঘাত দি প্ৰাৰ্থনা সভাত সকলো ছাত্ৰ-ছাত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰাত বহুকেইজন ছাত্ৰই কান্দি-কাটি ব্যাকুল হৈ পৰে৷ সচেতন অভিভাৱক একংশই ছাত্ৰৰ কিবা অসুবিধা থাকিলে বিদ্যালয় কৰ্তপক্ষই ছাত্ৰজনৰ বিদ্যালয়ৰ ডায়েৰীত প্ৰথমে লিখি অভিভাৱকক জনাব লাগে অথবা ফোনযোগে জনাব লাগিছিল বুলি মন্তব্য প্ৰদান কৰে৷ বহু কেইজন অভিভাৱকে চুলিয়ে শিক্ষা গ্ৰহণত কিবা বাধা জন্মাই নিকি বুলিও প্ৰশ্ন তুলি এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ বিৰুদ্ধে প্ৰশাসনক এক উচিত তদন্ত কৰাৰো দাবী জনাইছে৷ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত ইংৰাজী শিক্ষাৰ নামত বেপাৰ চলাই ,একাংশ দুৰ্বল লোকক শিক্ষাৰ আচিলাৰে ধমান্তৰিত কৰাৰ দৰে যি কুটিল কৌশল দীৰ্ঘদিনৰ পৰা চলি আছে তাক  নিৰ্মুলৰ বাবেও প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ একাংশ সচেতন অভিভাৱকে বিদ্যালয় খনত দীৰ্ঘদিনৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰীক মাৰধৰ কৰি হাৰাশাস্তি প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like