বিশেষ বাৰ্তা, ২৮ মেঃ আজি দেশৰ বাবে নতুন সংসদ ভৱন উছৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অনুষ্ঠানত দেশৰ মুখ্যমন্ত্ৰী, সাংসদ উপস্থিত থাকে। বৈদিক নীতি-নিয়মেৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও। লগতে অসমৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে। সেই অনুসৰি মুখ্য়মন্ত্ৰীৰ লগত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, শিলচৰৰ সাংসদ ৰাজদীপ ৰায়, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু যোৰহাটৰ সাংসদ তপন কুমাৰ শইকীয়া উপস্থিত থাকে। ইফালে ৰাজ্যসভাৰ সাংসদ তথা মুখ্য়মন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত।