নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ত কৰ্মচাৰীৰ মইমতালি

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মেধা-দক্ষতাৰ ভিত্তিত এটকাও খৰচ নোহোৱাকৈ চৰকাৰী নিযুক্তি প্ৰদান কৰা যুৱক-যুৱতীসকলৰ পৰা শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ে তিনিশ টকাকৈ নগদ ধন সংগ্ৰহ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ নিম্নবৰ্গ সহায়ক সুনীত হাজৰিকা-বিকাশ ভট্টসহিতে এগৰাকী মহিলা কৰ্মচাৰীয়ে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰা যুৱক-যুৱতীসকলক ফিটনেছ পৰীক্ষাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ নামত মুকলিকৈ গাইপতি তিনিশ টকাকৈ সংগ্ৰহ কৰাক লৈয়ে সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ যোগদানৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত এনেদৰে নিযুক্তিপ্ৰাপ্তসকলৰ পৰা বিভাগটোৰ কৰ্মচাৰীসকলে মুকলিকৈ ধন সংগ্ৰহ কৰা কাৰ্য্যত ক্ষোভত ফাটি পৰাৰ লগতে শীঘ্ৰে ঘোচখোৰ কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী তোলে ৷ সাধাৰণ ফিটনেছ চাৰ্টিফিকেটখনৰ বাবদ কাৰ্য্যালয়টোৰ সঞ্চালক নেতৃত্বাধীন তিনি কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰা ঘটনাত স্তম্ভিত যুৱক-যুৱতীসকলে ঘোচখোৰ কৰ্মচাৰীৰ মইমতালিৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ সহায় বিচৰাৰ পিছতেই পোহৰলৈ আহে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত চলা ঘোচৰ বজাৰখনৰ প্ৰকৃত ছবি ৷ উল্লেখ্য যে দক্ষ-মেধাৰ ভিত্তিত সম্পুৰ্ণ নীতি নিয়মৰ মাজত ৰাজ্যখনত নিযুক্তি লাভ কৰা বহু সংখ্যক প্ৰাৰ্থী শিৱসাগৰ জিলাৰ ৷ ইতিমধ্যে ২৫ মে’ত এইসকল প্ৰাৰ্থীয়ে নিযুক্তি-পত্ৰ আনুষ্ঠানিকভাৱে লাভ কৰাৰ পিছতেই নিজ নিজ গৃহ জিলাৰ পৰা যাৱতীয় নথি-পত্ৰ সাজু কৰিছিল ৷ নিযুক্তিৰ সময়ত অত্যন্ত প্ৰয়োজনীয় ফিটনেছ প্ৰমাণ পত্ৰৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয় স্থিৰ কৰা হয় ৷ সেই অনুযায়ী শ শ প্ৰাৰ্থীয়ে ভিৰ কৰিছিল সঞ্চালকৰ কাৰ্য্যালয়ত ৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ এটকাও ঘোচ নিদিয়াকৈ মেধাৰ বলত চাকৰি লাভ কৰাসকলক সংশ্লিষ্ট জিলাত হাৰাশাস্তি নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু সকলোকে আচৰিত কৰি নিম্ন বৰ্গ সহায়ক সুনীত হাজৰিকা, বিকাশ ভট্ট আৰু এগৰাকী কৰ্মচাৰীয়ে প্ৰতিগৰাকী নিযুক্তিপ্ৰাপকৰ পৰা ফিটনেছৰ বাবদ গাইপতি তিনিশ টকাকৈ সংগ্ৰহ কৰে ৷ যিসকল দৰিদ্ৰ পৰিয়ালৰ নিযুক্তিপ্ৰাপ্তই এই তিনিশ টকাৰ ঘোচ সুনীত-বিকাশ বাহিনীক আদায় দিব পৰা নাছিল, তেওঁলোকক বিভিন্ন অজুহাত দেখুৱাই বিলম্ব কৰি আহিছিল ৷ অৱশ্যে তিনিশ টকা আদায় দিব পৰাসকলক এঘন্টাতে সুনীত-বিকাশ বাহিনীয়ে পলকতে তুলি দিছিল ফিটনেছ চাৰ্টিফিকেট ৷ এই সন্দৰ্ভত নামতি চাৰিআলিৰ এগৰাকী ভুক্তভোগী যুৱকে অহা ১ জুনত বঙাইগাঁৱত যোগদানৰ উদ্দেশ্যে ফিটনেছ চাৰ্টিফিকেটৰ বাবে পুৱাৰ পৰা সুনীত-বিকাশৰ হাতে-ভৰিয়ে ধৰাৰ পিছতো তিনিশ টকা অনাদায়ে চাৰ্টিফিকেট প্ৰদান নকৰিলে ৷ দিব্যাংগ পিতৃ, উৰুখা পঁজাৰে কথমপি টিউচন কৰি পৰিয়ালটোক চলাই থকা যুৱকজনে মাত্ৰ তিনিশ টকা আদায় দিব নোৱাৰাৰ বাবেই সুনীত-বিকাশ বাহিনীয়ে আদায় নিদিলে ফিটনেছ চাৰ্টিফিকেট ৷ আন নালাগে, টেটৰ নিযুক্তিপ্ৰাপ্ত যুৱতী-মহিলাসকলৰ পৰা সুনীত-বিকাশে তিনিশ টকাকৈ লোৱাৰ লগতে উক্ত মহিলাগৰাকীয়ে দুশ টকাকৈ আদায় লৈছে ৷ ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাই যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আৰু ঘোচৰ বজাৰ সন্দৰ্ভত সাংবাদিকে নিযুক্তিপ্ৰাপ্তৰ অভিযোগৰ ভিত্তিত সুনীত হাজৰিকাক প্ৰশ্ন কৰাত আচৰিত উত্তৰ প্ৰদান কৰে ৷ কাৰ্য্যালয়ৰ বাজেট নাই বাবে প্ৰিন্টিং খৰচৰ বাবেহে প্ৰতিগৰাকীৰ পৰা গাইপতি তিনিশ টকাকৈ সংগ্ৰহ কৰা হৈছে আৰু এয়া যুটীয়া স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশতহে কৰা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰে ৷ ইফালে, সাংবাদিকৰ দল কাৰ্য্যালয়ত উপস্থিত হোৱাৰ খবৰ এগৰাকী বিতৰ্কিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে গোপনে দিয়াৰ পিছতেই বিকাশ ভট্টসহিতে মহিলা কৰ্মচাৰীগৰাকীয়ে কাৰ্য্যালয় এৰি পলায়ন কৰে ৷ একে সময়তে কাৰ্য্যালয়টোৰ প্ৰফুল্ল চাংমাইৰ লগতে আন এগৰাকী সহায়কে সুনীত, বিকাশে ধন সংগ্ৰহ কৰি থকাৰ কথা মুকলিকৈ স্বীকাৰ কৰা ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ লক্ষণীয় বিষয়টো হল যে বিকাশ ভট্টকে ধৰি কাৰ্য্যালয়টোৰ বহু সংখ্যক কৰ্মচাৰীয়ে নিজৰ নিজৰ টেবুল এৰি আত্মগোপন কৰাত দূৰদূৰণিৰ পৰা অহা নিযুক্তিপ্ৰাপ্তসকলে উৎকট গৰমত ভোকে-লঘোণে কাৰ্য্যালয়টোৰ সন্মুখত বিয়লি পৰ্য্যন্ত বোন্দাপৰ দি আছে ৷ আনহাতে, নিযুক্তি প্ৰাপ্তসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰাত দণ্ডাধীশৰ এটা দল কাৰ্য্যালয়টোত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। তেনেস্থলত যি সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ পদক্ষেপৰ বাবে স্বচ্ছ-নিকা-মেধা-যোগ্যতাৰ ভিত্তিত নিযুক্তি পোৱা ঘটনাই ৰাজ্যৰ ইতিহাসত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, সেই সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাই নিযুক্তিপ্ৰাপ্তৰ পৰা ঘোচ লোৱা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিকাশ, সুনীত, মহিলা কৰ্মচাৰীসহ স্বাস্থ্য বিষয়াগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হব লক্ষণীয় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like