নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : হে অৰণ্য হে মহানগৰ

এই সময়ত অসমৰ বিভিন্ন প্রান্তৰ নগৰবোৰৰ ক্রমবর্ধমান চৰিত্রৰ এটা অংগ হ’ল দ্রুতগতিত অদৃশ্য হোৱা সেউজ অংগ৷ চাৰিলেনৰ হাইৱে’ নির্মাণৰ সময়তো বহু গছ–গছনি শেষ কৰি দিয়া হ’ল৷ হাইৱে’ই আনি দিয়া ধনভাণ্ডই ৰাজপথৰ কাষতেই থিয় কৰাই দিছে কংক্রিটৰ বহুমহলীয়া ঘৰ৷ সেউজশূন্য অঞ্চলবোৰত থিয় হৈ থকা সেই কংক্রিটৰ নির্মাণবোৰক সেউজহীনতাই শুকান কৰি তুলিছে৷ অসমৰ এই ছবিখন সলনি কৰি দিবলৈ ৰাইজ আৰু প্রশাসনৰ যি উদ্যোগ লাগিছিল, সেয়া দৃশ্যমান হোৱা নাই৷ অসমৰ চতুর্দিশে চৰকাৰী–বেচৰকাৰী উদ্যোগত নির্মাণ হৈ থকা বা নির্মাণ সম্পূর্ণ হোৱা ঘৰবোৰৰ সৌন্দর্য আৰু ঠাইখিনিৰ পৰিৱেশগত প্রয়োজনত থাকিবলগীয়া সেউজ সংযোজনখিনিৰ কথাও কোনো ধৰণে গুৰুত্ব দিয়া হোৱা নাই৷ গছ একোজোপা ডাঙৰ হৈ ছাঁ দিব পৰা অৱস্থা পোৱালৈকে বহু সময়ৰ প্রয়োজন হয় বুলিয়েই গছপুলি ৰোৱাৰ কথা বহুতে আওকাণ কৰে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ নতুন অংশখিনিত দুটা প্রেক্ষাগৃহ নির্মাণ কৰা বহু বছৰ হ’ল, কিন্তু সেই বিশাল চৌহদ সেউজহীনভাৱে শুকান হৈ পৰি থাকিল৷ অসমখন এনেকুৱা অলেখ উদাহৰণেৰে চহকী হৈ আছে৷ এনে পৰিৱেশত জাপানৰ মিয়াৱাকি পদ্ধতিৰে মানুহে সৃষ্টি কৰিব পৰা অৰণ্যৰ সফলতাই এক আশাৰ বাতৰি বহন কৰি আনিছে৷ মিয়াৱাকি পদ্ধতিৰ দর্শন হ’ল– মানুহ আঁতৰি গ’লেই অৰণ্যহ নিজৰ ধৰণে পুনৰ জীয়াই উঠে৷ একো একোখন ঠাইৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি কিছুমান প্রজাতিৰ গছ সেই অঞ্চলবোৰত প্রাকৃতিক হিচাপেই গজে আৰু ডাঙৰ হয়৷ এই বৃদ্ধিৰ বাবে মানুহৰ অংশগ্রহণৰ প্রয়োজন নাই৷ এই দর্শনেৰে গঢ়ি তোলা মিয়াৱাকি অৰণ্যত স্থানীয় গছকহে অন্তর্ভুক্ত কৰা হয়৷ স্থানীয় উদ্ভিদ প্রজাতিবোৰে হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ স্থানীয় পৰিৱেশৰ সৈতে খাপ খুৱাহ এটা সহায়ক পৰিৱেশতন্ত্র সৃষ্টি কৰিছে৷ এই গছবোৰে স্থানীয় গছৰ সঁচ সংৰক্ষণ কৰাৰ লগতে জৈৱ–বৈচিত্র্য ৰক্ষাত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷
অকল স্থানীয় গছৰ ব্যৱহাৰৰ বাবেই মিয়াৱাকি পদ্ধতি গুৰুত্বপূর্ণ নহয়৷ প্রাকৃতিক ধৰণে প্রস্তুত কৰা এই অৰণ্যত স্থানীয় প্রজাতিবোৰৰ সন্মিলিত বিকাশ আৰু বর্ধনৰ যি কৌশল উদ্ভাৱন কৰা হৈছে, সিয়ে এই অৰণ্যৰ ধাৰণাক বিশেষ গুৰুত্ব প্রদান কৰিছে৷ সীমিত পৰিমাণৰ ভূখণ্ডত গছবোৰৰ ঘনত্ব সর্বাধিক কৰি আৰু তাৰ মাজতে ভাৰসাম্য ৰক্ষা কৰি বিভিন্ন উচ্চতাৰ গছৰ প্রণালীবদ্ধ ৰোপণে এক নতুন ধৰণৰ অৰণ্যৰ জন্ম দিয়ে, যি অৰণ্য হৈ পৰে জৈৱ–বৈচিত্র্য ৰক্ষাৰ অন্যতম আশ্রয়স্থলী৷ স্থানীয় গছবোৰৰ ৰোপণৰ প্রধান কাৰণ হ’ল– জৈৱ–বৈচিত্র্যই বিকাশ আৰু বর্ধনৰ বাবে স্থানীয় জলবায়ুৰ লগত সম্পর্ক থকা উদ্ভিদ বিচাৰে৷ মিয়াৱাকি অৰণ্যত থকা গছৰ ঘনত্বই ইয়াত আশ্রয় লোৱা জীৱকুলৰ বাবে অধিক পৰিমাণৰ খাদ্য আৰু আশ্রয়স্থলী প্রদান কৰে৷ ওখ গছৰ শাখা–প্রশাখা আৰু পাতবোৰৰ আৱৰণে অপতৃণক ছাঁ দিয়ে আৰু পোক–পৰুৱাৰ বাবে এটা শীতল ঘৰ সৃষ্টি কৰে৷ ইয়াৰ উপৰি পাতৰ আৱর্জনাহ মাটিৰ ডর্বৰতা আৰু জীৱনী শক্তি বৃদ্ধি কৰে৷ নগৰ অঞ্চলত এনে অৰণ্য সৃষ্টিয়ে জৈৱ–বৈচিত্র্য ৰক্ষা কৰাৰ লগতে ঠাইখনৰ সৌন্দর্য বৃদ্ধি কৰে, চৌপাশৰ পৰিৱেশ সকলোৰে বাবে অধিক ডপভোগ্য কৰি তোলে৷ এই বনাঞ্চলে বায়ুৰ গুণাগুণ ডন্নত কৰে, গছ–গছনিয়ে শব্দৰ মাত্রা হ্রাস কৰে আৰু উষ্ণতা নিয়ন্ত্রণ কৰে৷ অসমতো এনে অৰণ্যৰ ধাৰণাই বিকাশ লাভ কৰিছে৷ গুৱাহাটীৰ এনজি’ ‘ইয়ং ইণ্ডিয়া’ই অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্রযুক্তিগত সহায়েৰে প্রস্তুত কৰি উলিওৱা অৰণ্য এখনৰ সফলতাই অসমৰ পৰিৱেশ কর্মীসকললৈ আশাৰ বার্তা কঢ়িয়াই আনিছে৷ অকল পৰিৱেশ কর্মীসকলেই নহয়, নগৰ পৰিকল্পনাকাৰী, স্থপতি আদি সকলোৱেই এই মিয়াৱাকি অৰণ্যৰ আর্হি গ্রহণ কৰি কংক্রিটৰ অৰণ্য নির্মাণৰ লগে লগে সমান্তৰালভাৱে সেউজ অৰণ্য নির্মাণৰ কথা ভবাটোও বর্তমান সময়ৰ দাবী৷ এই দাবী পৃথিৱীখন বাসযোগ্য কৰি ৰখাৰ দাবী৷

You might also like