নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰঘুলিৰ জলবিস্ফোৰণ : ভাৰাঘৰ বিচাৰি গৃহহাৰা পৰিয়ালৰ হাহাকাৰ

বিশেষ বার্তা, ৩১ মেঃ মহানগৰীৰ খাৰঘুলি জয়পুৰত সংঘটিত জল বিস্ফোৰণত ক্ষতিগ্রস্ত পৰিয়ালৰ দুখ–দুর্দশা কুলাই–পাচিয়ে নধৰা হৈছে৷ জাইকাৰ অর্থসাহায্যপ্রাপ্ত গেমন ইণ্ডিয়াই নির্মাণ কৰা পানী যোগান প্রকল্পৰ পাইপ ফুটি জয়পুৰত যোৱা ২৫ মে’ত সংঘটিত জল প্রলয়ৰ ঘটনাত ক্ষতিগ্রস্তসকলক ৰাজ্য চৰকাৰে সাহায্য প্রদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ গেমন ইণ্ডিয়াৰ পানী যোগান প্রকল্পৰ পানীৰ পাইপ ফুটি জয়পুৰৰ এগৰাকী মহিলাই অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে প্রায় ২৫টা পৰিয়াল সর্বস্বান্ত হৈ পৰিছে৷ তদুপৰি অঞ্চলটোৰ বাট–পথ একপ্রকাৰ নিশ্চিহ্ণ হৈ পৰাৰ লগতে অঞ্চলটোৰ কুৰিৰো অধিক পৰিয়ালৰ যান–বাহন আৰু ঘৰ–দুৱাৰ বিশেষভাৱে ক্ষতিগ্রস্ত হয়৷ জল বিস্ফোৰণৰ ফলত অমানিশা নামি অহা প্রায় ২৫টা পৰিয়ালক কামৰূপ মহানগৰ জিলা প্রশাসনে ঘটনা সংঘটিত হোৱাৰ দিনাখন জয়পুৰ প্রাথমিক বিদ্যালয়ত এক অস্থায়ী শিবিৰ স্থাপন কৰি আশ্রয় প্রদান কৰে৷ জয়পুৰ প্রাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত বহু স্বেচ্ছাসেৱী সংগঠন আৰু অন্যান্য দল–সংগঠনে উপস্থিত হৈ ক্ষতিগ্রস্ত পৰিয়ালৰ কাষত থিয় হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সামর্থ্য অনুসৰি কিছু পৰিমাণে সাহায্য আগবঢ়ায়৷ জল বিস্ফোৰণত ক্ষতিগ্রস্ত পৰিয়ালসমূহক আনকি কংগ্রেছ দলৰ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা টিনপাত যোগান ধৰা হয়৷ লক্ষণীয়ভাৱে জিলা প্রশাসনে কালি নিশা আশ্রয় শিবিৰত থকা পৰিয়ালসমূহক হঠাৎ ওলাই যোৱাৰ নির্দেশ দিয়ে৷ জিলা প্রশাসনে আশ্রয় শিবিৰত থকা পৰিয়ালকেইটাক বিদ্যালয় গৃহ এৰি কুমাৰপাৰাস্থিত হাৰিয়ানা ভৱনত আশ্রয় ল’বলৈ আহ্বান জনায়৷ ইয়াৰ পিছতে দুর্গত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রশাসনে নির্ধাৰণ কৰি দিয়া হাৰিয়ানা ভৱনত আশ্রয় লোৱাৰ বিপৰীতে ক্ষতিগ্রস্ত কুৰিৰো অধিক পৰিয়ালে জয়পুৰ অঞ্চলত ভাৰাঘৰ বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হয়৷ অৱশ্যে একাংশ পৰিয়ালে জয়পুৰ আৰু খাৰঘুলি অঞ্চলৰ ভাৰাঘৰত আশ্রয় লয় যদিও আন একাংশই আর্থিক দৈন্যৰ হেতু প্রশাসনে নির্ধাৰণ কৰি দিয়া হাৰিয়ানা ভৱনত আশ্রয় লোৱা বুলি জানিব পৰা গৈছে৷

You might also like