নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰ মণিপুৰ : পৰিস্থিতি চোকা পৰ্যবেক্ষণ গৃহমন্ত্ৰী অমিত শ্বাহৰ 

বিশেষ বাৰ্তা, ৩০ মেঃ অশান্ত মণিপুৰত তিনিদিনীয়া ভ্রমণসূচীৰে উপস্থিত হৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কালি নিশা ইম্ফলত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সংঘর্ষপীড়িত চূড়াচন্দ্রপুৰ জিলা ভ্রমণ কৰে৷ এই ভ্রমণৰ সময়ত গৃহমন্ত্রী শ্বাহে অঞ্চলটোৰ জনজাতীয় লোকৰে বার্তালাপ কৰে৷ গৃহমন্ত্রী শ্বাহক জনজাতীয় মহিলাসকলে ৰাষ্ট্রীয় পতাকাৰে আদৰণি জনাই কেৱল কেন্দ্রই সমাধান উলিয়াব পাৰে বুলি পোষ্টাৰ প্রদর্শন কৰে৷ চূড়াচন্দ্রপুৰ জিলা ভ্রমণৰ পূর্বে আজি পুৱা গৃহমন্ত্রী শ্বাহে ইম্ফলত বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হয়৷ অজনজাতি মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদান কৰাৰ বিৰোধিতাৰে জনজাতীয় সংগঠনৰ প্রতিবাদী হিংসাৰ ফলত অশান্ত হোৱা মণিপূৰত এতিয়ালৈকে গোষ্ঠীগত সংঘর্ষত ৮০তকৈ অধিক লোকৰ প্রাণহানি হৈছে৷ গোষ্ঠীগত সংঘর্ষত প্রাণহানি হোৱা লোকসকলৰ প্রতিটো পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ কেন্দ্রীয় চৰকাৰে আগবঢ়াব৷ গৃহমন্ত্রী শ্বাহে মণিপূৰ ভ্রমণ কৰাৰ সময়তে নিহতৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ আগবঢ়োৱাতো ঘোষণা কৰা হৈছে৷ মন কৰিবলগীয়া যে জনজাতি আৰু অজনজাতীয় লোকৰ মাজত সংঘর্ষৰ আঁৰত কুকী উগ্রপন্থী সংগঠনো জড়িত হৈ থকাটো নিশ্চিত হৈছে৷ ইপিনে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মণিপূৰৰ পৰিস্থিতি পূর্বৰ স্থিতিলৈ ঘূৰাই অনাৰ বাবে মুখ্যমন্ত্রী এন বীৰেন সিঙকে ধৰি শীর্ষ বিষয়াৰ সৈতে তিনিদিন ধৰি আলোচনাত মিলিত হ’ব৷ এই সময়ছোৱাত মন্ত্রীগৰাকীয়ে কুকী বিধায়ক, ইনডিজিনিয়াছ ট্রাইবেল লিডার্ছ ফ’ৰাম (আইটিএলএফ)ৰ প্রতিনিধিৰ সৈতেও আলোচনা কৰে গৃহমন্ত্রী শ্বাহে৷ আলোচনাৰ সময়ত মন্ত্রীগৰাকীয়ে বিষয়টো সন্দর্ভত বিতং আলোচনা কৰি কিদৰে মীমাংসা কৰিব পাৰি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আইটিএলএফৰ মুখপাত্র গিনজা ভুৱালজঙে প্রকাশ কৰা মতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ সন্মুখত তেওঁলোকে দুটা দাবী উত্থাপন কৰিছে৷ ইয়াৰে ভিতৰত প্রথমটো হৈছে মণিপুৰ চৰকাৰৰ পৰা তেওঁলোকক সম্পুর্ণ পৃথক প্রশাসন দিয়া আৰু আনটো হৈছে শীঘ্রেই এন বীৰেন সিং চৰকাৰক অপসাৰণ কৰি ৰাষ্ট্রপতি শাসনৰ দাবী৷ কিয়নো চৰকাৰখনৰ শাসনৰ সময়ত ৰাজ্যখনত আইন–শৃংখলাজনিত পৰিস্থিতি নিম্নগামী হৈছে৷ চূড়াচন্দ্রপুৰ জিলাত ৬জনকৈ বিধায়ক আছে৷ এই বিধায়কৰ সৈতে আলোচনাত মিলিত হয় শ্বাহ৷ আলোচনাৰ সময়ত বিধায়কে মণিপুৰৰ সংঘর্ষৰ চিবিআইৰ তদন্ত দাবী কৰে৷ ইপিনে উত্তৰ–পূবৰ ৰাজ্য মণিপূৰৰ অশান্ত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময়ৰ প্রয়োজন হ’ব বুলি মন্তব্য কৰিছে চিডিএছ জেনেৰেল অনিল চৌহানে৷ জেনেৰেল চৌহানে কয় যে, মণিপূৰৰ পৰিস্থিতিৰ লগত উগ্রপন্থাতকৈ দুটা গোষ্ঠী সংঘর্ষহে প্রধান৷ এনে পৰিস্থিতিত আইন–শৃংখলাজনিত স্থিতি উন্নীত কৰিবলৈ চৰকাৰৰ প্রয়োজন আছে৷ তেওঁলোকে কেৱল ৰাজ্য চৰকাৰক সহায়হে কৰি আছে৷ আনপিনে যোৱা ৩ মে’ৰ পৰা অশান্ত হৈ থকা মণিপুৰৰ পৰিস্থিতি সন্দর্ভত কংগ্রেছে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে৷ দলটোৰ সভাপতি মল্লিকার্জুন খার্গেৰ নেতৃত্বত প্রতিনিধি দল এটাই ৰাষ্ট্রপতি মুর্মুক সাক্ষাৎ কৰি মণিপুৰৰ হিংসাৰ উচ্চ পর্যায়ৰ তদন্ত আয়োগৰ দ্বাৰা কৰাৰ দাবী জনায়৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত আয়োগ গঠন কৰি তদন্তৰ দাবী জনায় কংগ্রেছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে অজনজাতি মেইটেই সম্প্রদায়ক জনজাতি মর্যাদা প্রদানৰ বিৰোধিতাৰ লগতে সংৰক্ষিত বনভূমিৰ পৰা কুকী গাঁওবাসীক উচ্ছেদ কৰাৰ বাবেও ৰাজ্যখনত হিংসাত্নক কার্যকলাপ সংঘটিত হৈছে৷

You might also like