নিয়মীয়া বাৰ্তা, ৫ জুনঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে আজি ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্য্যালয়ত সাংবাদিকৰে সৈতে এক বাৰ্তালাপ কাৰ্য্যসূচীত মিলিত হয় ৰাজ্যসভাৰ সাংসদ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা। সমগ্ৰ দেশ আৰু ৰাজ্যজুৰি আৰম্ভ হোৱা বিজেপিৰ এমাহজোৰা মহা জনসম্পৰ্ক কাৰ্য্যসূচীৰ অংগৰূপে আয়োজিত হোৱা সেই কাৰ্য্যসূচীত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে “মোৰ অতি চিনাকি আৰু শ্ৰদ্ধেয়, কেৱল ধুবুৰী নগৰৰেই নহয়, ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা অহা আমাৰ পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল! আজিৰ সংবাদমেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰতিদিনে যিদৰে আমি আপোনালোকৰ সৈতে থাকোঁ, আমাৰ যিবিলাক ইতিবাচক কাম, ইতিবাচক কামৰ সমালোচনা আপোনালোকে যিদৰে কৰে – এই মাহটো এটা বিশেষ মাহ; আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ।” তেওঁ আৰু কয় যে “আমাৰ বহুকেইটা অনুষ্ঠান আছে। আপোনালোকে জানে ধুবুৰী চহৰত অহা ২১ তাৰিখে ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে যোগ দিৱস পালন কৰিব। আমাৰ ইয়াত ২১ তাৰিখে যোগ দিৱস হ’ব আৰু ২০ তাৰিখে এখন বিশেষ ৰাজহুৱা সভাৰো আয়োজন কৰা হৈছে; বহু লোকে তাত অংশগ্ৰহণ কৰিব। এতিয়ালৈকে আমি জানিব পৰা মতে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰাৰ কথা। তদুপৰি আমাৰ ইয়াত বিকাশ তীৰ্থ বুলি এটা অভিযান আছে। ধুবুৰী লোকসভাত যিবোৰ উন্নয়নমূলক কাম হৈছে – সেয়া ধুবুৰী-ফুলবাৰী দলঙেই হওক বা ৰূপসী বিমান বন্দৰেই হওক বা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে হওক; আলি-পদূলি, বিকাশৰ যিটো ব্যৱহাৰিক ধাৰা আমি কৈ থাকো, কিন্তু সেইবিলাকলৈ আমি এইবাৰ আপোনালোকৰ সৈতে যাম, আমি আকৌ চামগৈ। অসমৰ বা ভাৰতৰ অন্য প্ৰান্তৰ মানুহেও দেখক ধুবুৰী লোকসভাত কিদৰে বিকাশৰ ধাৰা বৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত। গতিকে বিকাশ তীৰ্থ বুলি এটা অনুষ্ঠান আছে, তাতো আপোনালোকৰ সহযোগ কামনা কৰিম। আমি ইয়াৰ যিসকল নাগৰিকে ৰাষ্ট্ৰ নিৰ্মাণত বা আমাৰ অসমখনৰ সেৱাত, ধুবুৰীৰ সেৱাত উৎসৰ্গিত হৈছে, সমাজখনক ইতিবাচক কথাৰে আগুৱাই লৈ যায়, তেনে ধৰণৰ বহু পৰিয়ালৰ কিছুসংখ্যকৰ ঘৰে ঘৰে গৈ আমি মহা সম্পৰ্ক অভিযান কৰিম, ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম- সেইবোৰতো আপোনালোকৰ সহায়-সহযোগিতা লাগিব। ল’গতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব মাৰ্ঘেৰিটাই কয়, আজি ইয়াত আমি একত্ৰিত হৈছোঁ দুটা কাৰণত। প্ৰথম কথা, আপোনালোকক ধন্যবাদ আৰু শ্ৰদ্ধা জনাবলৈ। বিগত ৯ বছৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বা আমাৰ ৰাজ্য চৰকাৰখনক আপোনালোকে ইতিবাচক সমালোচনাৰে আৰু যিবিলাক বাৰ্তা জনসাধাৰণে জনাটো উচিত সেইবোৰ আপোনালোকে ছপা মাধ্যমেই হওক বা ডিজিটেল পোৰ্টেল বা আমাৰ চেটেলাইট চেনেলেই হওক, নিৰপেক্ষভাৱে, সুন্দৰভাৱে ৰাইজক জনাই আহিছে আৰু এয়া গণতন্ত্ৰৰ অতি ভাল এটা কাম। দ্বিতীয়তে আমি পুনৰ স্মৰণ কৰোঁ, জনসাধাৰণক আপোনালোকৰ জৰিয়তে জনাওঁ, বিগত ৯ বছৰত সমগ্ৰ দেশত, অসমত বা আমাৰ ধুবুৰী লোকসভাত কিদৰে কামবিলাক কৰি আগুৱাই গৈছে।” আজিৰ বাৰ্তালাপ কাৰ্য্যসূচীত বিগত ৯ বছৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বসাধাৰণ ৰাইজৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ সাৱলীলভাৱে ব্যাখ্যা কৰাৰ সমান্তৰালকৈ পৰিসংখ্যানসহ সেই আঁচনিবোৰৰ পৰা কিমান লোক উপকৃত হৈছে, তাৰ ওপৰতো আলোকপাত কৰে। ক’ভিড কালত যেতিয়া ভেকচিন ওলোৱা নাছিল সেই সময়তে অসমৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কিদৰে চিকিৎসকৰ উপৰি বিজেপিৰ দলীয় কাৰ্য্যকৰ্তা আৰু কৰ্মীসকলে ৰাইজৰ কাষত থিয় দিয়াৰ বিষয়টোও নিজৰ বক্তব্যত উল্লেখ কৰে তেওঁ। আজিৰ এই কাৰ্য্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, বিজেপিৰ জ্যেষ্ঠ নেতা দীপক কুমাৰ সৰকাৰ, জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্ন্যাল প্ৰমুখ্যে বিজেপি আৰু যুৱমৰ্চাৰ স্থানীয় কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল। আজিৰ এই কাৰ্যসূচীত উপস্থিত সংবাদকৰ্মীসকলক “সেৱা, সুশাসন আৰু গৰিব কল্যাণ” আৰু “২৪ মাহৰ ৰূপান্তৰৰ যাত্ৰা” নামৰ দুখন পুস্তিকা প্ৰদান কৰা হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী