নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত জুই

বিশেষ বাৰ্তা, ৭ জুনঃ ডিব্ৰুগড়ৰ কেঞ্চাৰ চেন্টাৰত অঘটন। আজি পুৱতিনিশা ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত হঠাতে জুই লগাত ব্যাপক হুৱা-দুৱা লাগে। ফলত সমগ্ৰ চেন্টাৰটোত থকা ৰোগীৰ সহিতে অনান্য কৰ্মচাৰীসকল সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে। সন্দেহ কৰা অনুযায়ী ট্ৰেন্সফৰ্মাৰত শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডত ৰোগীৰ লগতে চেণ্টাৰৰ চিকিৎসক, নাৰ্ছকে আদি কৰি কোনো কৰ্মচাৰীৰ ক্ষয়-ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে। আজি পুৱা বিধায়ক প্ৰশান্ত ফুকনে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বিষয়ে বুজ লয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like