বিশেষ বাৰ্তা, ৭ জুনঃ দিল্লীত কেজৰিৱাল চৰকাৰ আৰু উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাৰ মাজত বিবাদ বাঢ়িছে। নতুন গোচৰটো দিল্লী চৰকাৰৰ অধীনলৈ অহা গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। কাইলৈ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পূব দিল্লী চৌহদ উদ্বোধন হ’ব। এই সন্দৰ্ভত দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশীয়ে ৫ জুনত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উদ্বোধন কৰিব বুলি জনাইছিল যদিও উপ-ৰাজ্যপালৰ ফালৰ পৰা ইয়াৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰিছে। জাৰি কৰা এক টোকাত কোৱা হৈছে যে উদ্বোধনী অনুষ্ঠান বিনয় কুমাৰ ছাক্সেনাই কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। উপ-ৰাজ্যপাল ফালৰ পৰা দাবী কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও জানিছিল যে উদ্বোধনী অনুষ্ঠান বিনয় কুমাৰ ছাক্সেনাই কৰিব। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সন্মানীয় অতিথি হিচাপে আৰু শিক্ষামন্ত্ৰীক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ কথা আছিল। ইয়াৰ উপৰি কয় যে ছাক্সেনাই ২৩ মে’ত উদ্বোধন কৰিব লাগিছিল যদিও কেজৰিৱালৰ নিৰ্দেশত ইয়াৰ তাৰিখ ৮ জুনলৈ বৃদ্ধি কৰা হয়। দৰাচলতে ছাক্সেনাই লেফটেনেণ্ট গৱৰ্ণৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰা দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিৰ চৰকাৰ আৰু তেওঁৰ মাজত শাসনৰ সিদ্ধান্তৰ সৈতে জড়িত কেইবাটাও বিষয়ক লৈ অচলাৱস্থা সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশ সন্দৰ্ভত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও গণতন্ত্ৰৰ বিৰোধী বুলি কৈছে। এই সন্দৰ্ভত তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি বহু নেতাক সাক্ষাৎ কৰিছে। উচ্চতম ন্যায়ালয়ে দিল্লীৰ বদলি আৰু পোষ্টিং বিষয়াক কেজৰিৱাল চৰকাৰৰ অধিকাৰ আছে বুলি কৈছিল যদিও তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অধ্যাদেশ আনে।
Prev Post
You might also like