ডিক’ডিং জীৱন : বিচাৰক ময়েই
পার্থসাৰথি মহন্ত
কি এক অনুভৱ কি এক অনুভূতি
বিচাৰক মই৷ ময়েই বিচাৰক৷
ন্যায়–ন্যায়ৰ বিচাৰ মই কৰোঁ৷ হক–বিহকৰ বিচাৰ মই কৰোঁ৷ ভুল–শুদ্ধৰ ৰায় মই দিওঁ৷ মোক কোনেও একো কৰিব নোৱাৰে৷ নোম এডালো লৰাব নোৱাৰে৷ চুব নোৱাৰে৷ মই সর্বশক্তিমান, সর্বজ্ঞানী৷ শক্তিমন্ত হৈ পৰা ইমান সহজ, সকলো জনা বুলি দেখুওৱা ইমান সহজ এই বোধৰ পৰা সৃষ্টি হয় আসক্তি৷ বিচাৰ কৰি ৰায় দিয়া হৈ পৰে এক অভ্যাস, মোৰ স্বভাৱ৷
যিকোনো কথা, বস্তু, বিষয় বা ঘটনা বিবেচনা কৰা বা বিচাৰ কৰাটো মানুহৰ সহজাত প্রবৃত্তি৷ কাৰোবাক দেখা পালেই হ’ল, কিবা এটা চকুত পৰিলেই হ’ল– আমি তৎক্ষণাত জাজ্ কৰোঁ৷ আচলতে প্রতিটো মুহূর্ততে আমি ভীষণ জাজ্মেণ্টেল৷ আমি উপলব্ধি নকৰোঁ৷ আনক লৈ কিয় আমাৰ এই সংসক্তি।
আনক অনবৰতে বিচাৰ কৰি থকাৰ প্রৱণতা আচলতে আমাৰ নিজৰ বাবে৷ কাৰণ আমাৰ মনটো অনবৰত ভাল লাগি থাকিব লাগে৷ মনটো ভাল লগাই ৰাখিব বিচাৰোঁ৷ সেই কাৰণেই কাৰোবাক দেখা পোৱাৰ লগে লগে আমি তেওঁতকৈ উচ্চতৰ অনুভৱ কৰিব খোজোঁ আৰু তেওঁক জাজ্ কৰোঁ৷ মোৰ সন্মুখত থকা মানুহজনতকৈ মই ওখ৷ মোৰ কাষত বহি থকা মানুহজনৰ ম’বাইল ফ’নটোতকৈ মোৰটো দামী৷ নিমিষতে মোৰ মনটো ভাল লাগি যায়৷ নিজৰ প্রতি সন্মান, দৰ তৎক্ষণাত বৃদ্ধি পায়৷ ইফালে ধৰক, চাকৰিৰ সাক্ষাৎকাৰৰ কাৰণে গৈছে৷ দেখিছে আনজন প্রার্থী সাজে–পোছাকে, ব্যক্তিত্বই বেছ স্মার্ট৷ আত্মবিশ্বাস লগে লগেই কমি গ’ল৷ কাৰণ? কাৰণ তাৎক্ষণিক বিচাৰ৷ তেওঁক আমি জাজ্ কৰিলোঁ৷
সাত ছেকেণ্ড৷ কাৰোবাক লগ পোৱাৰ প্রথম সাত ছেকেণ্ডতে মানুহৰ মস্তিষ্কই হাজাৰ–বিজাৰ অংক কৰি পেলায় আৰু সিদ্ধান্ত লৈ পেলায়– তেওঁ ভাল নে বেয়া৷ এয়া বিভিন্ন গৱেষণাত ওলোৱা তথ্য৷ আমি এজন মানুহক সাত ছেকেণ্ড চাওঁ৷ তেওঁৰ কথা–বতৰা, চাল–চলন, ভাব–ভংগী, আচাৰ–ব্যৱহাৰ যি চকুত পৰিল, পৰিল৷ আমাৰ সিদ্ধান্ত হৈ গ’ল৷ সেই সময়খিনিত বা তাৰ আগৰ পৰা মানুহজন কি পৰিস্থিতিত আছে, কি মানসিক অৱস্থাত আছে, সেইবিলাক লৈ আমি মূৰ নঘমাওঁ৷ সময় ক’ত? আমি দেখিলোঁ আৰু সিদ্ধান্ত ল’লোঁ৷ আমাৰ সিদ্ধান্ত তেওঁৰ প্রতি পজিটিভ হ’লেতো ভালেই৷ যদি নিগেটিভ হয়৷ সেই মানুহজনৰ সমস্ত জীৱনৰ কষ্টোপার্জিত গুণ–গৰিমা, মান–সন্মানক টিলিকিতে মাটিৰ লগত মিলাই দিওঁ৷
কাৰণ আমি চৌপাশৰ পৃথিৱীখনত দ্বিক দৃষ্টিৰে চাওঁ৷ আমি হয় শুদ্ধ হ’ব লাগিব, নহয় অশুদ্ধ৷ আমি হয় ভাল হ’ব লাগিব, নহয় বেয়া৷ লগতে আমাৰ আছে শুদ্ধ হোৱাৰ, আনতকৈ ভাল হোৱাৰ, আনতকৈ ওপৰত থকাৰ এক প্রচণ্ড তাড়না৷ আমি বিচাৰক হৈ যাওঁ৷ কিন্তু আমি ভাবিব নোখোজোঁ৷ বিশ্লেষণ কৰিব নোখোজোঁ, চিন্তা কৰি চাব নোখোজোঁ৷ মগজুৰ সেই সাত ছেকেণ্ডৰ স্বয়ংক্রিয় মেকানিজিমৰ ওপৰত আমি এৰি দিওঁ এজন মানুহক দেৱতা বা দানৱ বনোৱাৰ দায়িত্ব৷
এইখিনিতে দুটা চিত্তাকর্ষক কথা আছে৷ আমি প্রতিটো কার্য বা ঘটনাৰ এটা কাৰণ বিচাৰোঁ৷ এই কাৰণটোৰে আমি কাৰোবাৰ ওপৰত ব্লেইম দিব বিচাৰোঁ৷ দোষটো জাপি দিব খোজোঁ৷ আৰু ইটো হ’ল নিজৰ দোষ–ত্রুটি৷ আমি নিজৰ ত্রুটিবোৰ জানো, কিন্তু লুকুৱাব খোজোঁ৷ গতিকে যেতিয়াই সুবিধা পাওঁ, আনৰ ক্ষেত্রত সেই ত্রুটিবিলাক বঢ়াই বঢ়াই দেখুৱাবলৈ যত্ন কৰোঁ৷ পাৰিলে অতিৰঞ্জিত কৰি পেলাওঁ৷
অর্থাৎ আমি যেতিয়া আনক জাজ্ কৰোঁ, আমি আচলতে নিজকে জাজ্ কৰোঁ৷ আনৰ ক্ষেত্রত দেখা পোৱা লক্ষণবোৰ নিজৰ আছে বুলি মানি নল’ব পাৰোঁ, কিন্তু আনৰ লগতে নিজৰো বিচাৰ কৰোঁ৷ আনক কৰা বিচাৰত আমি নিজকে প্রতিফলিত কৰোঁ৷ আমাৰ বিচাৰে আনক সংজ্ঞায়িত নকৰে, আমাক নিজকে সংজ্ঞায়িত কৰে৷ আনৰ ক্ষেত্রত যিবোৰ কথা আমি ঘিণ কৰি দেখুৱাওঁ, সেইবোৰ আচলতে আমাৰ নিজৰে থাকে৷ নিজৰ ক্ষেত্রত আমি গ্রহণ কৰিব নোৱাৰোঁ৷ আমি নিজক যিডাল স্কেলেৰে জোখো, আনকো একেডাল স্কেলেৰেই জোখো৷ লগতে আমি ভাবোঁ যে আনেও আমাক তেনেদৰে বিচাৰ কৰিব৷ গতিকে দোষ–ত্রুটিবোৰ আনৰ ক্ষেত্রত বেছি বেছি কৰি দেখুৱাই ভাল যাতে নিজৰখিনি চকুত নপৰে৷
আমি যেতিয়া কাৰোবাৰ কিবা এটা বেয়া পাওঁ বেছিভাগ ক্ষেত্রতে নিজৰো সেইটো দোষ আছে কাৰণেহে বেয়া পাওঁ৷ নিজৰ সেইটো দোষ নাথাকিলে আনৰ ক্ষেত্রতো আমি মূৰ নঘমাওঁ৷ যিবোৰ কথাই আমাক বিৰক্ত কৰে, নিজৰ ক্ষেত্রতো সেই কথাবোৰে আমাক আমনি কৰি থাকে৷ আনৰ ক্ষেত্রত দেখা দোষবোৰ, নিজৰ গাতো দেখা পাওঁ৷ সেইবোৰ লৈ আমি আচলতে নিজকে জাজ্ কৰি থাকোঁ, মনে মনে৷ যেতিয়া সুবিধা পাওঁ, আনকো তেনেদৰেই জাজ্ কৰি দিওঁ৷
অর্থাৎ আমি সমগ্র বিষয়টো বা গোটেই পৰিস্থিতিটো নজনাকৈয়ে, বুজি নোপোৱাকৈয়ে বিচাৰ চলাওঁ আৰু ৰায় দিওঁ৷ যিটো ভুল৷ এই বিচাৰ আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়া যুক্তিসিদ্ধ নহয়৷
যুক্তিসংগত বা ন্যায়সিদ্ধ সিদ্ধান্ত গ্রহণ প্রক্রিয়াটোনো কি?
প্রথম কথাটো হ’ল আমি জানিব লাগিব কি সিদ্ধান্ত ল’ব লাগে৷ কি সিদ্ধান্ত ল’ব লাগে চিনাক্ত কৰাৰ পাছৰ পদক্ষেপ হ’ল তথ্য সংগ্রহ কৰা৷ বিচাৰ প্রক্রিয়া এটা ভাতৰ লগত পানী খোৱাৰ নিচিনা নহয়৷ এটা কথা হয় নে নহয়, প্রমাণ কৰিবলৈ প্রয়োজনীয় সকলো তথ্য গোট খাব লাগিব৷ তাৰ পিছত তথ্যবোৰ ফঁহিয়াই চাব লাগিব৷ প্রসংগ সংগতি বিশ্লেষণ কৰিব লাগিব৷ কি পৰিৱেশ বা পৰিস্থিতিত কিবা এটা কথা কোৱা হ’ল বা কিবা এটা কাম কৰা হ’ল সেয়াও বুজিব লাগিব৷ ভূ–ভাৰস্তখন এনেয়ে আইনেৰে ভৰি থকা নাই৷ এই আইনবোৰৰ কাম কেৱল শাস্তি বিধান দিয়াই নহয়৷ এই আইনবোৰৰ আটাইতকৈ ডাঙৰ কামটো হ’ল বিচাৰৰ ৰায় যাতে ভুল নহয় সেয়া নিশ্চিত কৰা৷ সেই কাৰণে তথ্য গোটোৱাৰ পিছত প্রমাণৰ তুলাচনীত তুলিব লাগিব৷ তাৰ পাছত কোনোধৰণৰ পক্ষপাত নকৰাকৈ সিদ্ধান্তলৈ আহিব লাগিব৷
কাৰণ এনে সিদ্ধান্তত মানুহৰ জীৱন, পৰিয়ালৰ জীৱন জড়িত হৈ থাকে৷ এনে সিদ্ধান্তত মান–মর্যাদা জড়িত হৈ থাকে৷
সেই কাৰণেই প্রয়োজনীয় শিক্ষাগত অর্হতা আহৰণৰ পিছতহে উপযুক্ত লোকসকলক সাংবিধানিক বিচাৰ প্রক্রিয়াৰ দায়িত্ব দিয়া হয়৷
তাতে কি হ’ল? মোৰ শিক্ষাগত অর্হতা নাই৷ নাই৷ কি হ’ল? মই আইন নাজানো৷ নাজানো৷ কি হ’ল? মোৰ ওচৰত কোনো তথ্য নাই৷ নাই৷ মোক তথ্য নালাগে৷ মই জাতি চাম, ধর্ম চাম, কোন ফালে কথা ক’লে মোৰ লাভ হ’ব চাম৷ লগতে মোৰ ভিতৰত পুহি ৰখা হিংসা–হতাশাবোৰতো আছেই৷
ম’ষ্ট ইম্প’র্টেণ্টলি মোৰ এটা ম’বাইল ফ’ন আছে৷ মই বিচাৰ কৰিম, ৰায় দিম, সিদ্ধান্ত দিম৷ যাৰ জীৱন ধ্বংস হয়, হওক৷ কোনোবাই মিছা অপবাদ পাইছে, পাওক৷ মই পৰোৱা নকৰোঁ৷
বিচাৰক ময়েই৷