নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ ঈশ্বৰ : ১৬ হাজাৰ হার্টৰ অপাৰেচন কৰোঁতা গৌৰৱ গান্ধীৰ মৃত্যু

বিশেষ বাৰ্তা, ৮ জুনঃ ৰোগীৰ ওচৰত তেওঁ ভগৱানৰ মর্যাদা লাভ কৰিছিল৷ নিজস্ব দক্ষতাৰ দ্বাৰা ১৬ হাজাৰৰো অধিক হূদ ৰোগীৰ অস্ত্রোপচাৰ কৰিছিল গুজৰাটৰ বিশেষজ্ঞ চিকিৎসক গৌৰৱ গান্ধীয়ে৷ মাত্র ৪১ বছৰ বয়সতে ইমানসংখ্যক ৰোগীৰ হার্টৰ অপাৰেচন সফলভাৱে সম্পন্ন কৰি বহুতৰ ওচৰত ঈশ্বৰৰ মর্যাদা লাভ কৰিছিল হূদৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গান্ধীয়ে৷ কিন্তু হূদৰোগতে শেষ নিশ্বাস ত্যাগ কৰিলে ৪১ বছৰ বয়সীয়া চিকিৎসকগৰাকীয়ে৷ গুজৰাটৰ জামনগৰৰ হূদৰোগ বিশেষজ্ঞ গৌৰৱ গান্ধীয়ে কালি পুৱা হূদৰোগত আক্রান্ত হৈ প্রাণ হেৰুৱায়৷ কিন্তু অতি কম সময়ৰ ভিতৰতে হূদৰোগ বিশেষজ্ঞ হিচাপে গুজৰাটত জনপ্রিয় হৈ উঠিছিল গৌৰৱ গান্ধী৷ অস্ত্রোপচাৰ কৰি বহু ৰোগীক নতুন জীৱন দিবলৈ সক্ষম হৈছিল চিকিৎসকগৰাকী৷

You might also like