নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিংক্যৰ প্রদর্শনত মুগ্ধ গাভাস্কাৰ

বিশেষ বাৰ্তা, ৯ জুনঃ মাত্র ১৫২ ৰানত ৬ উইকেট হেৰুৱাইছিল ভাৰতে ৷ সেই স্থানৰ পৰা শার্দূল ঠাকুৰক সংগী কৰি লৈ সপ্তম উইকেটত ১০৮ ৰান যোগ দিয়ে ৰাহানেই ৷ তৃতীয় দিনা ভাৰতে প্রথম ইনিংছত সংগ্রহ কৰে ২৯৬ ৰান ৷ ৰাহানেৰ বেটৰ পৰা আহে ৮৯ ৰানৰ এটি অনবদ্য ইনিংছ ৷ ৰাহানেৰ এই অপূর্ব বেটিং আৰু শার্দূলৰ অর্ধ শতৰানৰ জৰিয়তে ভাৰতে ফলোঅনৰ পৰা হাত সাৰিবলৈ সক্ষম হয় ৷ নীৰৱ যোদ্ধা ৰাহানেই সদায় প্রচাৰৰ আঁৰত থাকি ভাল পায় ৷ দুর্বল ফর্মৰ বাবে ৰাষ্ট্রীয় দলৰ পৰা বাদ পৰিছিল যদিও আইপিএলত চমকপ্রদ প্রদর্শনেৰে দীর্ঘদিনৰ পিছত দেশৰ জার্ছী পৰিধান কৰি খেলপথাৰত নমাৰ সুযোগ পায় ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে দল ঘোষণাৰ পিছত বহুতে ৰাহানেৰ অন্তর্ভুক্তিক লৈ সমালোচনা কৰিছিল ৷ আজি এই সমালোচকসকলক যোগ্য প্রত্যুত্তৰ দিলে তেওঁ ৷ ৰাহানেৰ প্রদর্শনত মুগ্ধ হৈ পৰিছে কিংবদন্তি বেটাৰ সুনীল গাভাস্কাৰ ৷ আজি তেওঁ অর্ধশতৰান কৰাৰ পিছতে স্থিৰেৰে থাকিব নোৱাৰিলে গাভাস্কাৰ ৷ ধাৰাভাষ্য দিয়াৰ সময়ত গাভাস্কাৰে কয়– ‘ভাৰত যেতিয়াই বিপদত পৰে, তেতিয়াই শতৰান কৰে ৰাহানেই ৷ পৰিস্থিতিয়ে যেতিয়াই দাবী কৰে তেতিয়াই নিজকে অন্য এক উচ্চতালৈ লৈ যায় ৷ ল’ প্রফাইলত থকা ক্রিকেটাৰসকলৰ ভিতৰত ৰাহানে অন্যতম ৷ যিয়ে অর্ধশতৰান বা শতৰান কৰাৰ পিছত কেৱল বেট ওপৰলৈ দাঙে আৰু শান্তভাৱে নিজৰ কাম কৰি যায়৷’

You might also like