নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯৬ত প্রথম ইনিংছ সামৰিলে টীম ইণ্ডিয়াই

বিশেষ বাৰ্তা, ৯ জুনঃ তাৰকা খেলুৱৈৰে সমৃদ্ধ টীম ইণ্ডিয়াই চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচখনৰ প্রথম ইনিংছত আশানুৰূপ বেটিং প্রদর্শন দাঙি ধৰাত ব্যর্থ হয় ৷ অষ্ট্রেলিয়াৰ প্রথম ইনিংছৰ ৪৬৯ ৰানৰ প্রত্যুত্তৰত ভাৰতীয় দলটোৱে আজি ২৯৬ ৰানতে প্রথম ইনিংছ সামৰিবলৈ বাধ্য হয় ৷ অষ্ট্রেলিয়াৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত আজিংক্য ৰাহানে, শার্দূল ঠাকুৰ আৰু ৰবীন্দ্র জাদেজাৰ বাহিৰে কোনো এজন ভাৰতীয় বেটাৰে ক্রিজত অধিক সময় তিষ্ঠি থাকিব নোৱাৰিলে ৷ দলটোৰ হৈ ৰাহানেই সর্বাধিক ৮৯ ৰান কৰে ৷ ইফালে, শার্দূল ঠাকুৰে ৫১ আৰু ৰবীন্দ্র জাদেজাই ৪৮ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায় ৷ দ্বিতীয় দিনা পাঁচ উইকেটত কৰা ১৫১ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতে আজি দলীয় স্ক’ৰত ১ ৰান সংযোগ হওঁতেই শ্রীকৰ ভৰত পেভিলিয়নমুখী হয় ৷ আগদিনা পাঁচ ৰানত অপৰাজিত হৈ থকা শ্রীকৰে আজি কোনো ৰান নকৰাকৈ বিদায় লয় ৷ অৱশ্যে আগদিনা ২৯ ৰানত অপৰাজিত হৈ থকা ৰাহানেই আজি শার্দূলৰ সৈতে লগ লাগি দলৰ বিপর্যয় কিছু ৰোধ কৰে ৷ দুয়োৱে সপ্তম উইকেটত ১০৯ ৰান সংগ্রহ কৰি দলটোক সুস্থিৰ অৱস্থাত উপনীত কৰিবলৈ ধৰাৰ সময়তে ৰাহানেই ব্যক্তিগত ৮৯ ৰানত বিদায় লয় ৷ ৰাহানে আউট হোৱাৰ কিছু সময় পিছতে ভাৰতে উমেশ যাদৱ, শার্দূল ঠাকুৰ আৰু মহম্মদ ছামিক হেৰুৱায় আৰু ২৯৬ ৰানতে প্রথম ইনিংছ সামৰে ৷ শার্দূলে ৫১ ৰান কৰাৰ লগতে উমেশে ৫ আৰু ছামিয়ে ১৩ ৰান কৰি বিদায় লয় ৷ অষ্ট্রেলিয়াৰ হৈ কামিনছে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে ষ্টার্ক, ব’লাণ্ড আৰু গ্রীনে দুটাকৈ তথা ইয়নে এটা উইকেট লাভ কৰে৷

You might also like