নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত-বিৰাটক কঠোৰ সমালোচনা

বিশেষ বাৰ্তা, ১০ জুনঃ অষ্ট্রেলিয়াৰ বিপক্ষে খেলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্রথম ইনিংছত অধিনায়ক ৰোহিত শর্মাৰ লগতে বিৰাট কোহলি, শুভমন গিল আৰু শ্বেটেশ্বৰ পূজাৰাই দাঙি ধৰা দুর্বল প্রদর্শনক কঠোৰ সমালোচনা কৰিছে টীম ইণ্ডিয়াৰ প্রাক্তন খেলুৱৈ সৌৰভ গাংগুলীৰ লগতে ৰবি শাস্ত্রীয়ে ৷ মেচখনত ভাৰতীয় দলটোৰ আগশাৰীৰ চাৰিগৰাকী বেটাৰ ব্যর্থ হোৱাত ভাৰতীয় দলটোৰ প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়ে কয় যে দলটোৰ ল’ৱাৰ অর্ডাৰৰ বেটাৰসকলে ৰান কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু অধিনায়ক ৰোহিত শর্মাৰ লগতে বিৰাট কোহলি, শুভমন গিল আৰু শ্বেটেশ্বৰ পূজাৰাৰ দৰে তাৰকা খেলুৱৈয়ে ৰান কৰিব নোৱাৰাটো সঁচাকৈয়ে দুর্ভাগ্যজনক ৷ ল’ৱাৰ অর্ডাৰৰ বেটাৰসকলে ৰান কৰিব পাৰে যদি আগশাৰীৰ বেটাৰসকলে কিয় ব্যর্থ হয়, তাক লৈ প্রশ্ণ উত্থাপন কৰিছে ৰবি শাস্ত্রীয়ে ৷ ইফালে, ৰবি শাস্ত্রীৰ লগতে ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়েও টীম ইণ্ডিয়াৰ আগশাৰীৰ বেটাৰসকলৰ ব্যর্থতাক সমালোচনা কৰিছে ৷ গাংগুলীয়ে কয় যে শীর্ষস্থানীয় বেটাৰসকলে ৰান কৰি দলটোক সবল স্থিতিত উপনীত কৰিব লাগে আৰু নিম্ন ক্রমৰ বেটাৰসকলে ইয়াক আগুৱাই লৈ যাব লাগে ৷ কিন্তু চলিত ফাইনেল মেচখনত ইয়াৰ বিপৰীত ছবিটোহে দেখা গৈছে ৷ আগশাৰীৰ বেটাৰসকল ব্যর্থ হৈছে আৰু নিম্ন ক্রমৰ বেটাৰসকলে বেটত ৰান পাইছে ৷ উল্লেখ্য যে চলিত ফাইনেল মেচখনত অষ্ট্রেলিয়াৰ প্রথম ইনিংছৰ ৪৬৯ ৰানৰ প্রত্যুত্তৰত ভাৰতে প্রথম ইনিংছ মুকলি কৰিবলৈ আহি দলীয় স্ক’ৰ ৭১ ৰানতে চাৰিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱায় ৷ গিলে ১৩, ৰোহিত শর্মাই ১৫, পূজাৰা আৰু কোহলি উভয়ে ১৪ ৰানত বিদায় লয়৷

You might also like