টেষ্ট বিশ্বকাপৰ ফাইনেলত অভিলেখ জাদেজাৰ
🏏 ৪৩ বছৰীয়া অভিলেখ ভাঙিলে ভাৰতীয় অলৰাউণ্ডাৰে
বিশেষ বাৰ্তা, ১০ জুনঃ টেষ্ট বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দল বিপর্যয়ৰ সন্মুখীন হ’লেও এক অভিলেখ গঢ়িছে ৰবীন্দ্র জাদেজাই ৷ টেষ্ট ক্রিকেটত প্রাক্তন ক্রিকেটাৰ বিষেন সিং বেদীৰ এটি অভিলেখ ভংগ কৰিছে বাওঁহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ৷ ১৯৭৯ চনত ভাৰতৰ হৈ অন্তিমখন টেষ্ট খেলিছিল বেদীয়ে ৷ সেই অনুসৰি ৪৩ বছৰীয়া অভিলেখ ভংগ কৰিলে জাদেজাই ৷ বেদীক অতিক্রম কৰি তেওঁ এতিয়া টেষ্ট ক্রিকেটত ভাৰতৰ সফলতম বাওঁহতীয়া স্পীনাৰ ৷ শুকুৰবাৰে প্রথম ইনিংছত দুই শতৰানকাৰী অষ্ট্রেলিয়াৰ ষ্টিভ স্মিথ আৰু ট্রেভিছ হেডক আউট কৰিছিল জাদেজাই ৷ সেই দুটা উইকেট পোৱাৰ লগে লগে টেষ্ট ক্রিকেটত জাদেজাৰ উইকেটৰ সংখ্যা হয় ২৬৭টা ৷ ইয়াৰ আগৰ অভিলেখ আছিল বেদীৰ দখলত ৷ তেওঁ ৬৭খন টেষ্ট খেলি দখল কৰিছিল ২৬৬টা উইকেট ৷ সেয়াই আছিল ইমানদিনে ভাৰতৰ কোনো বাওঁহতীয়া স্পীনাৰৰ সর্বোচ্চ টেষ্ট উইকেট ৷ জাদেজাই ৬৫সংখ্যক টেষ্টত বেদীৰ অভিলেখ ভংগ কৰিলে৷