ডব্লিউটিচিঃ ভাৰতক প্রয়োজন ২৮০
বিশেষ বাৰ্তা, ১১ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰত৷ জয়লাভৰ বাবে কঠিন লক্ষ্য সন্মুখত লৈ ভাৰতে চতুর্থ দিনাৰ অন্তত দ্বিতীয় ইনিংছত তিনিটা উইকেট হেৰুৱাই সংগ্রহ কৰিছে ১৬৪ ৰান ৷ অধিনায়ক ৰোহিত শর্মাই ৪৩ ৰানত বিদায় লৈছে৷ আনগৰাকী অ’পেনাৰ শুভমন গিলে এক বিতর্কিত আউটৰ জৰিয়তে মাত্র ১৮ ৰানত আউট হোৱাত ভাৰতৰ সংকট ঘনীভূত হয়৷ টেষ্ট ক্রিকেটৰ বিশেষজ্ঞ বেটাৰ শ্বেটেশ্বৰ পূজাৰা (২৭)ও ব্যর্থ হয়৷ ইয়াৰ পিছতে বিৰাট কোহলি আৰু আজিংক্য ৰাহানেই দৃঢ়তাপূর্ণ বেটিঙেৰে দলৰ ইনিংছ আগুৱাই নিয়ে৷ দিনান্তত কোহলিয়ে ৪৪ আৰু ৰাহানেই ২০ ৰানত বেটিং কৰি আছে৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াই ৮ উইকেটত ২৮০ ৰান কৰি দ্বিতীয় ইনিংছ সমাপ্তি ঘোষণা কৰে৷ ইয়াৰ লগে লগে দলটোৱে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত জয়ৰ বাবে ভাৰতৰ সন্মুখত ৪৪৪ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়ে৷ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে এটা ছিজন আৰু এটা সম্পূর্ণ দিন লাভ কৰে৷ ধাৰণা কৰা হৈছিল ৪৫০ ৰানৰ অগ্রগতি লাভ কৰাৰ পিছত ইনিংছ ঘোষণা কৰিব অষ্ট্রেলিয়াই৷ কিন্তু ভাৰতক অল আউট কৰি বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত বিজয়ী হোৱাৰ লক্ষ্যৰে কিছু আগতীয়াকৈ ইনিংছ ঘোষণা কৰে কামিনছ বাহিনীয়ে৷ এনে বৃহৎ ৰান অতিক্রম কৰি জয়লাভ কৰিব পাৰিলে সেয়া হ’ব অভিলেখ৷ মেচখনলৈ প্রত্যাৱর্তন কৰিবৰ বাবে পঞ্চম দিনা দুর্দান্ত বেটিং কৰিব লাগিব কোহলিহঁতে৷ কিয়নো, এতিয়াও জয়লাভৰ বাবে ভাৰতক ৭টা উইকেট হাতত থকা অৱস্থাত ২৮০ ৰানৰ প্রয়োজন৷