কেইবাকোটিৰে উভতিব ৰোহিতহঁত
বিশেষ বাৰ্তা, ১২ জুনঃ পুনৰবাৰ স্বপ্ণভংগ হ’ল ভাৰতৰ ৷ নিউজিলেণ্ডৰ পিছত এইবাৰ অষ্ট্রেলিয়াৰ হাতত ফাইনেলত পৰাজিত হয় টীম ইণ্ডিয়া ৷ অৱশ্যে এই পৰাজয় কার্যতঃ আত্মসমর্পণৰ সমকক্ষ ৷ কাৰণ অষ্ট্রেলিয়াৰ বিজয়ৰ ব্যৱধান ২০৯ ৰানৰ ৷ অৱশ্যে পৰাজিত হ’লেও খালী হাতেৰে উভতিব নালাগে ৰোহিতহঁত ৷ তেওঁলোকৰ পকেটত সোমাব মুঠ ৭ কোটিৰো অধিক টকা ৷ টেষ্ট বিশ্বকাপৰ ফাইনেলত পৰাজিত হোৱাৰ ফলত ৮ লাখ ডলাৰ পাব ভাৰতীয় দলে ৷ ভাৰতীয় মুদ্রাত যাৰ পৰিমাণ ৬.৬ কোটিৰ সমান ৷ বিশ্ব চেম্পিয়ন অষ্ট্রেলিয়াই লাভ কৰিব ১৬ লাখ ডলাৰ, যি ১২.২ কোটি টকাৰ সমান ৷ উল্লেখ্য যে আই পি এল বিজয়ী দলে লাভ কৰিছিল ২০ কোটি টকা ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খেলা প্রতিটো দলেই কিছু পৰিমাণৰ ধন লাভ কৰিব ৷ তৃতীয় স্থানৰ দক্ষিণ আফ্রিকাই লাভ কৰিব ৩.৭১ কোটি টকা ৷ একেদৰে ইংলেণ্ডে পাব ২.৮৭ কোটি টকা ৷ আনহাতে, শ্রীলংকাই ১.৬৪ কোটি টকা লাভ কৰিব ৷ ইয়াৰ পিছত ৬–৯ নম্বৰ হৈ স্থান লাভ কৰা ক্রমে নিউজিলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশে ৮২ লাখ ৪৪ হাজাৰ টকাকৈ লাভ কৰিব ৷