ফ্রেঞ্চাইজী লীগৰ আধিপত্যত উদ্বিগ্ন আইচিচি
বিশেষ বাৰ্তা, ১৪ জুনঃ আইপিএলৰ দৰে ফ্রেঞ্চাইজী লীগসমূহৰ মাত্রাধিক্যই আন্তর্জাতিক ক্রিকেটৰ শ্মশানযাত্রা আৰম্ভ কৰা বুলি সৰৱ চর্চা চলিছে৷ এনে অৱস্থাৰ পৰা ক্রিকেটক ৰক্ষা কৰিবলৈ আইচিচিয়ে একাধিক কঠোৰ নিয়ম বলৱৎ কৰিবলৈ আগবাঢ়িছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফ্রেঞ্চাইজী লীগসমূহত যাতে যথেষ্টসংখ্যক বিদেশী ক্রিকেটাৰে খেলিব নোৱাৰে, তাৰ বাবে সকলো লীগৰ প্রথম একাদশত সর্বোচ্চ চাৰিগৰাকী বিদেশী ক্রিকেটাৰ অন্তর্ভুক্ত কৰাৰ নিয়ম বাধ্যতামূলক কৰা হ’ব৷ প্রকৃততে আইপিএলৰ প্রথম একাদশত এই নিয়ম থাকিলেও বহু লীগত সেয়া পালন কৰা নহয়৷ সম্প্রতি আৰব আমিৰ শ্বাহীত যি আন্তর্জাতিক টি–২০ লীগৰ পৰিকল্পনা কৰা হৈছে, তাত হেনো ৯গৰাকী বিদেশীক খেলোৱা হ’ব৷ ইয়াৰ ফলত ক্রিকেটাৰসকলৰ হাতত বিকল্প বেছি থাকিব আৰু আন্তর্জাতিক ক্রিকেট খেলাৰ প্রৱণতা হ্রাস পাব বুলি ধাৰণা কৰিছে আইচিচিয়ে৷ সেইবাবে প্রথম একাদশত বিদেশীৰ সংখ্যা বান্ধি দিব পাৰে আইচিচিয়ে৷ তদুপৰি সংস্থাটোৱে বিচাৰিছে কোনো দেশীয় ব’ডৰ সৈতে চুক্তিবদ্ধ ক্রিকেটাৰক স্বাক্ষৰ কৰাবলৈ হ’লে ক্রিকেটাৰৰ লগতে সেই ব’ৰ্ডকো এটা বৃহৎ অংকৰ ধন দিব লাগিব ফ্রেঞ্চাইজীসমূহে৷ ইয়াৰ ফলত আর্থিকভাৱে ফ্রেঞ্চাইজীসমূহৰ ওপৰত চাপ বৃদ্ধি পাব আৰু বিদেশী ক্রিকেটাৰক স্বাক্ষৰ কৰোৱাৰ প্রৱণতা কমিব৷ আইচিচিৰ প্রস্তাৱিত নতুন নিয়ম অনুসৰি ক্রিকেটাৰসকলক মুঠ চুক্তিৰ ১০ শতাংশ ধন দিব লাগিব ব’ৰ্ডক৷ অৱশ্যে আইপিএলত ফ্রেঞ্চাইজীসমূহে এই ধন আগৰ পৰাই দিব লাগে৷