নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ৬টি শিশু

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ বজাৰঘাট গাঁৱত অচিন ৰোগৰ আতংক। অচিন ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু ৬টি শিশুৰ। প্ৰথমে জ্বৰ, ডিঙিৰ বিষ আৰু মুখৰ পৰা তেজ ওলাই মৃত্যু হৈছে শিশুকেইটিৰ। বৰ্তমানলৈকে চিকিৎসকেও অনুমান কৰিব পৰা নাই যে কি ৰোগত আক্ৰান্ত হৈছে শিশুসকল। আক্ৰান্ত শিশুসকলক বৰ্তমান ভৰ্তি কৰোৱা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালত।

            গাঁওখনত এই আতংকৰ খবৰ বিয়পি পৰাত জিলাখনৰ স্বাস্থ্য বিভাগে পঠোৱা এটা চিকিৎসকৰ দল গাঁওখনত উপস্থিত হৈ শিশুসকলৰ শাৰিৰীক পৰীক্ষা কৰাৰ উপৰিও তেজৰ নমুনা সংগ্ৰহ কৰে। এই সন্দৰ্ভত কৰিমগঞ্জ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে কয় যে ফেৰেনজাইটিছ ৰোগত আক্ৰান্ত হৈ শিশুকেইটিৰ মৃত্যৰ সন্দেহ কৰা হৈছে আৰু বৰ্তমানলৈ আক্ৰান্ত হৈছে গাঁওখনৰে প্ৰায় ২৫জনকৈ লোক। এই অচিন ৰোগৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ব্যৱহাৰ কৰিছে মাস্ক।

 

You might also like