নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপৰ ১০খন দেশে

📌 ‘হু’ৰ সমীক্ষাঃ বছৰি এজনে পান কৰে ৯.৫ লিটাৰ এলক’হল

বিশেষ বাৰ্তা, ১৬ জুনঃ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সুৰাপান কৰে ইউৰোপীয় দেশৰ লোকসকলে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ ২০২১ চনৰ সমীক্ষা অনুসৰি, ইউৰোপ মহাদেশত বিশ্বৰ অন্য প্রান্তৰ তুলনাত আটাইতকৈ বেছি সুৰা বিক্রী হয়৷ সমীক্ষা অনুসৰি, ইউৰোপত প্রতিবছৰে ১৫ বছৰ বা তাতকৈ বেছি বয়সৰ প্রতিজন নাগৰিকে গড়ে ৯.৫ লিটাৰ বিশুদ্ধ এলক’হল পান কৰে৷ এই এলক’হল ১৯০ লিটাৰ বিয়াৰ বা ৮০ লিটাৰ ৱাইনৰ সমতুল্য৷ সমীক্ষা অনুসৰি ২০০০ চনত ইয়াৰ পূর্বৰ বর্ষটোৰ তুলনাত ইউৰোপত মুঠ এলক’হলৰ ব্যৱহাৰ ২.৫ লিটাৰ হ্রাস পাইছে৷ কিন্তু পূব ইউৰোপত সুৰাপান অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইউৰোপৰ আটাইতকৈ বেছি সুৰাপান কৰা দেশকেইখন হৈছে– চেক গণৰাজ্য, লাটভিয়া, মলডোভা, জার্মানী, লিথুৱানিয়া, আয়াৰলেণ্ড, স্পেইন, বুলগেৰিয়া, লুক্সেমবার্গ আৰু ৰোমানিয়া৷

You might also like