নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বান সমস্যা সমাধানৰ দাবীত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক-পত্ৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ নলবাৰী আঞ্চলিক ছাত্র সন্থাই নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আজি নলবাৰী চহৰৰ কৃত্রিম বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰত উল্লেখ কৰে যে নলবাৰী চহৰৰ প্ৰায় প্ৰতিটো বাট-পথ এজাক বৰষুণতে জলমগ্ন হৈ উঠে। আজি বহু বছৰৰ পৰা কৃত্রিম বানপানীৰ সমস্যাটো নলবাৰীবাসী ৰাইজৰ মূল সমস্যা হিচাপে পৰিগণিত হৈছে। নলবাৰী চহৰত নলা-নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হোৱা নাই। বৰ্তমান নলা নিৰ্মাণ কৰি থকাৰ ফলত চহৰখনত কৃত্রিম বানপানী সমস্যা অধিক জটিল  হৈছে।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like