নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান-খহনীয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

🔴বিভাগীয় অভিযন্তাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে পৰ্যালোচনা।

🔴সকলোকে সষ্টম হৈ থাকি কাম কৰিবলৈ আহ্বান।

🔴ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে অগ্ৰাধিকাৰৰ নিৰ্দেশ।

🔴বান-খহনীয়া প্ৰতিৰোধত আপোচ নকৰিবলৈ মুখ্য অভিযন্তাক নিৰ্দেশ।

বিশেষ বাৰ্তা, ১৬ জুন : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ পৰা সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যখনৰ সাম্প্ৰতিক বান-খহনীয়াৰ বুজ লয়। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই প্ৰতিখন জিলাৰে বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ খবৰ লৈ এই অঞ্চলসমূহত কৰি থকা বিভাগীয় কামৰ অগ্ৰগতিৰ বুজ লয়। খহনীয়া অধ্যুষিত অঞ্চলসমূহত জৰুৰী আৰু অগ্ৰাধিকাৰ ভিত্তিত জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা দি মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তাক খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই পঠিওৱা সামগ্ৰীসমূহৰ উপৰি প্ৰয়োজন অনুসৰি আৰু অধিক এনে সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আনহাতে ডিব্ৰুগড় চহৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া বিষয়টোক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই যিকোনো উপায়েৰে এই খহনীয়া ৰোধৰ বাবে কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত ডিব্ৰুগড়ৰ অভিযন্তা কৰ্মচাৰীসকলক মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা সময়মতে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ মন্ত্ৰী হাজৰীকাই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ নাওনৈচাত হোৱা বান পৰিস্থিতিৰো বুজ লয়। উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ নিৰ্দেশত জিলাখনৰ শিঙৰা নদীৰ বানত ভাগি যোৱা মথাউৰিৰ ভগ্ন অংশৰ মেৰামতিৰ কাম চলাই থকা হৈছে। মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সম্ভৱপৰ সকলো কাম কৰি মথাউৰিটো জৰুৰীভাৱে অস্থায়ী মেৰামতি কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰী হাজৰীকাই লগতে সকলো অভিযন্তা কৰ্মচাৰীকে বাৰিষাৰ সময়খিনিত সষ্টম হৈ থাকি ৰাজ্যবাসীক বান-খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায়।

You might also like