নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অম্বুবাচীত ভক্তৰ আশ্ৰয়াৰ্থে নিৰ্মীয়মাণ অস্থায়ী শিবিৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হব অম্বুবাচী মেলা। মেলা উপলক্ষে লাখ লাখ ভক্তৰ সমাগম ঘটে কামাখ্য়া মন্দিৰ প্ৰাংগণত। মেলালৈ অহা ভক্তৰ বাবে আতিথ্যৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ উদ্যোগত পূৰ্ণগতিত চলি আছে। তাৰেই অংশ হিচাপে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিদৰ্শন কৰে ভক্তৰ থকা ব্যৱস্থা কৰা ঠাইসমূহ। কামাখ্যাত দেশ-বিদেশৰ পৰা আহি গোট খোৱা এই বিশাল সংখ্যাৰ ধর্মীয় পর্যটকৰ আতিথ্যৰ বাবে অস্থায়ী শিৱিৰৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰী বৰুৱাই আজি পাণ্ডু প’র্ট আৰু কামাখ্যা ৰে’ল ষ্টেচনত নির্মীয়মাণ অস্থায়ী শিৱিৰ পৰিদর্শন কৰে। লগতে কামাখ্যালৈ অহা ভক্তই যাতে সমস্যাৰ সমুখীন হবলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

You might also like