ড০ হৰিচৰণ দাস
তামোলবাৰীৰ তামোল নহয়, তামোল বাৰীৰ চাহ, সকলোৱে খাহ কৰে আস আস আস…
জ্যোতিপ্রসাদ আগৰৱালাদেৱে তেওঁৰ জন্মস্থান তামোলবাৰীক লৈ কবিতা লিখিছিল এনেদৰে৷
১৯০৩ চনৰ ১৭ জুন তাৰিখে শোণিতপুৰ জিলাৰ তামোলবাৰী চাহ বাগিচাতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম হৈছিল৷ কিন্তু এতিয়া আমি ক’ব লাগিব– তামোল বাৰীৰ চাহ নহয়, তামোলবাৰীৰ জ্যোতি, জয়মতী কথাছবিৰে জিনিলে বিশ্ব খ্যাতি৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ভাওনা সৃষ্টিৰে অসমক যিদৰে আজিও উজলাই ৰাখিছে, আধুনিক কালত জ্যোতিপ্রসাদ আগৰৱালাই জয়মতীৰে অসমৰ ছবিজগতৰ মহুৰত কৰি চলচ্চিত্র জগতক মহীয়ান কৰি থৈ গৈছে৷ জ্যোতিপ্রসাদ আগৰৱালাৰ সমগ্র জীৱন আৰু কর্ম আছিল দেশৰ হকে উৎসর্গিত৷ এহাতে দেশক পৰাধীনতাৰ পৰা মুক্ত কৰা আৰু আনহাতে অসমীয়া ভাষা–সংস্কৃতিক বিশ্বত প্রতিষ্ঠা কৰাই আছিল তেওঁৰ জীৱন সাধনা৷ মাথোন ৫০ বছৰীয়া জীৱন কালত জ্যোতিপ্রসাদ আগৰৱালাদেৱে তেওঁৰ সাধনা সিদ্ধিও কৰি থৈ গৈছে৷ গীত, কবিতা, নাটক, শিশু সাহিত্যৰ পৰা কথাছবিলৈকে তেওঁৰ প্রতিভাৰ জ্যোতি বিস্তৃত৷ কিন্তু তেওঁৰ সাহিত্য আৰু শিল্পকর্ম মনোৰঞ্জনমুখী নাছিল, তেওঁৰ সমস্ত সৃষ্টি আছিল সংস্কৃতিৰ দ্বাৰা মানুহক দেশৰ স্বাধীনতা আৰু স্বাভিমান ৰক্ষাৰ বাবে উদ্বুদ্ধ কৰা আৰু অসমীয়া তথা ভাৰতীয় জাতীয়তাবাদক মানৱতাৰে মহীয়ান কৰা৷ তেওঁ কৈছিল– সংস্কৃতি দুবিধ৷ এবিধ অন্তৰ সংস্কৃতি আৰু এবিধ বহির্সংস্কৃতি৷ প্রেম, ক্ষমা, শ্রদ্ধা, দয়া আদি হৈছে অন্তৰ সংস্কৃতি আৰু নচা, গোৱা, অভিনয় কৰা আদি বহির্সংস্কৃতি৷ মানুহৰ পৰিপূর্ণতাৰ বাবে এহ দুয়োবিধ সংস্কৃতিৰ আৱশ্যক৷ সংস্কৃতিক গভীৰভাৱে অনুধাৱন কৰা জ্যোতিপ্রসাদ আগৰৱালাদেৱে সেইবাবে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ মাজত বিচাৰি পাহছিল বিশ্বজনীন দর্শন৷ পৃথিৱীৰ নানা দেশ ভ্রমী আহি যেতিয়া এদিন তেওঁ বৰদোৱা সত্রত ডপস্থিত হৈছিল, তেতিয়া ডপলব্ধি কৰিছিল গুৰুজনাহ কিদৰে আমাক স্থাপত্যৰ পৰা সাহিত্যলৈ সংস্কৃতিৰ সকলো সমলেৰে চহকী কৰি থৈ গৈছে৷ সৰুৰে পৰা মাতৃৰ মুখত কীর্তন, নামঘোষাৰ পদাৱলী শুনা জ্যোতিপ্রসাদ আগৰৱালাদেৱে গুৰুজনাৰ দর্শনক আঁকোৱালি লৈছিল জীৱনৰ পাথেয়ৰূপে৷ ডল্লেখযোগ্য যে জ্যোতিপ্রসাদ আগৰৱালাৰ পিতামহ হৰিবিলাস আগৰৱালাদেৱে ১৯২১ চনত প্রথমে কীর্তন আৰু নামঘোষা ছপা কৰি উলিয়াহছিল৷ পৰিয়ালসূত্রে লাভ কৰা এক সাংস্কৃতিক পৰিৱেশ আৰু নিজস্ব প্রতিভা তথা কৃচ্ছ্র সাধনাহ জ্যোতিপ্রসাদ আগৰৱালাক কৰি তুলিছিল ৰূপকোঁৱৰ৷ সেই ৰূপৰ কোঁৱৰৰ বাণীৰে আজিও আমি উদ্বুদ্ধ হওঁ, অনুপ্রাণিত হওঁ আমাৰ হৃদয়ে হৃদয়ে জ্যোতিৰ জেউতি গীত, কবিতাৰে সদায় প্রৱাহমান৷ বিগত ৰঙালী বিহুত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও আবৃত্তি কৰি আমাক জ্যোতিপ্রসাদৰ কবিতাৰে হ সোঁৱৰাই গ’ল স্বাধীনতা সংগ্রামৰ বীৰগাথা, বিশ্ববিজয়ী ন জোৱান…
জ্যোতিপ্রসাদৰ সৃষ্টিৰে আজিও অসমীয়া উদ্ভাসিত, আনন্দিত, পুলকিত৷ জ্যেতিপ্রসাদ আগৰৱালাৰ জীৱনৰ প্রধান কর্মস্থল তেজপুৰত আজিও সঞ্চিত তেওঁৰ সাধনাৰ সমলবোৰ৷ ‘পকী’, তেজপুৰৰ যিটো ঐতিহাসিক ভৱনত মহাত্মা গান্ধীৰ দৰে মহানসকলে জ্যোতিৰ জেডতি দেখি মোহিত হৈছিল, সেহ পকীতে আছে তেওঁ পঢ়া পুথিবোৰ, পিন্ধা কাপোৰ, শোৱা বিছনা আদি৷ পকীৰ অক্ষয় মজিয়াত নিতৌ জ্বলি আছে তেওঁৰ সাধনাৰ সোঁৱৰণী বন্তিগছি৷ পকী সেহবাবে এটি যাদুঘৰ মাথো নহয়, ই অসমীয়া সংস্কৃতি সাধনাৰ এক মহৎ তীর্থ৷ কিন্তু জ্যোতিপ্রসাদৰ শিল্পী সত্তা লুকাই আছে জনতাৰ হিয়াৰ মাজতহে, তেওঁ নিজেই লিখি থৈ গৈছে– শিল্পী যে মই শত জনতাৰ মনৰো মনত প্রাণৰো প্রাণত লুকাই লুকাই আছোঁ৷