নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত ভাৰতীয় দললৈ ওভতাৰ সম্ভাৱনা বুমৰাহ–শ্রেয়াছৰ!

বিশেষ বাৰ্তা, ১৭ জুনঃ এছিয়া কাপত ভাৰতীয় দললৈ উভতি আহিব পাৰে যশপ্রীত বুমৰাহ আৰু শ্রেয়াছ আয়াৰ৷ আঘাতৰ সমস্যা অতিক্রম কৰি দুয়োজনে পুনর্বাস আৰম্ভ কৰিছে৷ ফলত ছেপ্টেম্বৰৰ আৰম্ভণিতে দুয়োজনক খেলপথাৰত দেখা পোৱাৰ সম্ভাৱনা আছে৷ সম্প্রতি বাংগালুৰুত ৰাষ্ট্রীয় ক্রিকেট একাডেমীতে পুনর্বাসত আছে দুই তাৰকা ক্রিকেটাৰ৷ উল্লেখ্য যে যোৱা বছৰ অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা টি–২০ শৃংখলাৰ পৰাই আঘাতৰ সমস্যাত ভুগিছে বুমৰাহ৷ কঁকালৰ আঘাতৰ বাবে এবছৰৰো অধিক সময় ক্রিকেটৰ পৰা দূৰত থাকিবলগীয়া হৈছে ভাৰতীয় পেচাৰগৰাকী৷ আনহাতে দীর্ঘদিন ধৰি পিঠিৰ আঘাতত ভুগিছে শ্রেয়াছ আয়াৰে৷ ব’ডাৰ–গাভাস্কাৰ ট্রফীৰ দলত থাকিলেও বেটিং কৰিবলৈ নমা নাছিল তেওঁ৷ দুয়োগৰাকী ক্রিকেটাৰৰে ইতিমধ্যে অস্ত্রোপচাৰ সম্পন্ন হৈছে৷ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ চিকিৎসকসকলে অনুমান কৰিছে যে শীঘ্রে তেওঁলোকে মেচ খেলিবলৈ প্রস্তুত হৈ উঠিব৷ ইতিমধ্যে সামান্য পৰিমাণে বলিং আৰম্ভ কৰিছে বুমৰাহে৷ কেইদিনমানৰ ভিতৰতে আৰু অধিক সময় বলিং কৰিব পাৰিব তেওঁ৷ আনহাতে শ্রেয়াছেও ফিজি’ থেৰাপী সম্পূর্ণ কৰাৰ পিছত শীঘ্রে খেলপথাৰত নামিব পাৰিব বুলি আশাবাদী এনচিএ৷ বাংগালুৰুত পুনর্বাস আৰম্ভ কৰি কে এল ৰাহুলেও৷ এছিয়া কাপত তিনিওগৰাকীয়ে খেলিবলৈ সক্ষম হ’লে বিশ্বকাপত ভাৰতৰ শক্তি বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷

You might also like