নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ হ’ব ৰাজ্যৰ চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ বন্ধ হ’ব ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল । চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰি উন্নীত কৰা হ’ব হাইস্কুললৈ । চৰকাৰী ধনেৰে ধৰ্মগ্ৰন্থ শিকোৱাটো চৰকাৰৰ কাম নহয় বুলি মন্তব্য কৰে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

দুই-তিনিমাহৰ ভিতৰত সম্পূৰ্ণ ৰূপে এইসমূহ মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আৰবী ভাষা অথবা অন্যান্য যিকোনো ভাষা আৰু ধৰ্মৰ শিক্ষা দিবলৈ চৰকাৰী ধন ব্যৱহাৰ কৰা নহ’ব । অচিৰেই এইসমূহক হাইস্কুললৈ উন্নীত কৰাৰ লগতে ধৰ্ম শিকোৱা শিক্ষকসকলক অৱসৰ লৈকে দৰমহা দিয়া হ’ব ।

You might also like