নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকুম পথাৰ ৰঙালী বিহু সমিতিৰ ৰাহি ধনেৰে জনহিতাৰ্থে উৎসৰ্গিত এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ সমাজলৈ আদৰ্শ বাৰ্তা কঢ়িয়াই আজি বৃহত্তৰ মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন ২০২৩ৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাৰ্থে এখন এম্বুলেঞ্চ সেৱা আগবঢ়ায়। মাৰ্ঘেৰিটা মাকুম পথাৰ পাইনিয়াৰ খেলপথাৰত অনুষ্ঠিত হৈ যোৱা ৰঙালী বিহু উদযাপন সমিতিৰ ৰাহি হোৱা ধনেৰে মাৰুতি ই’ক এম্বুলেঞ্চ ক্ৰয় কৰি আজিৰে পৰা বৃহত্তৰ মাকুম পথাৰবাসীৰ লগতে মাৰ্ঘেৰিটাৰ জনসাধাৰণৰ বাবে এই সেৱা মুকলি কৰা হয়। এই উপলক্ষে মাৰ্ঘেৰিটা পাইনিয়াৰ খেলপথাৰত সঞ্জীৱ বড়াৰ সভাপতিত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাপু দত্তই। এই সভাতেই বিশিষ্ট উদ্যোপতি এছ কে চবৌ, বিশিষ্ট সমাজকৰ্মী জ্যোতিষ ৰায়, ভকত শৰৎ গগৈ, সূৰ্য্য গগৈ, শিক্ষয়িত্ৰী এলিনা বেগমৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মুকলি সভাৰ পাছতেই মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ কে চি দাসে ফিতা কাটি ৰাইজৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি কৰে। বিহু উদযাপন সমিতিয়ে লোৱা এই সিদ্ধান্তক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like