🔷 মধ্যভোগী OUT- কৃষক IN, সাৰ্থক হল কৃষকৰ সপোন
🔷 মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি ৰঞ্জিত ভট্টাচাৰ্য্যৰ
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উদ্যোগত আকাংক্ষা কৃষিগোটৰ সহযোগত চৰকাৰী মূল্যত সৰিয়হ ক্ৰয় কাৰ্যসূচী আমিনগাঁৱত। ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ সহযোগত জালুকবাৰী সমষ্টিৰ আঠিয়াবৈত আকাংক্ষা কৃষিগোটে সৰিয়হ খেতিৰে কৃষি বিপ্লৱৰ সপোন দেখিছিল আৰু এই সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত আকাংক্ষা কৃষিগোটক ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যই যথেষ্ট পৰিমাণে সহায়-সহযোগিতা আগবঢ়াইছিল। কেইবাবাৰো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰি আকাংক্ষা কৃষিগোটৰ বৃহৎ পৰিকল্পনাৰ কথা সদৰী কৰিছিল। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আকাংক্ষা কৃষিগোটৰ পদক্ষেপ সাৰ্থক হল। শনিবাৰে অমিনগাঁৱত মধ্যভোগী অবিহনে চৰকাৰী ধান ক্ৰয়-বিক্ৰয় কেন্দ্ৰত কৃষক মৰ্চাৰ সহযোগত আকাংক্ষা কৃষিগোটে প্ৰতি কুইণ্টল সৰিয়হ ৫,৪৫০ টকা দৰত প্ৰায় ৫০ কুইণ্টল সৰিয়হ চৰকাৰক পোনপটীয়াকৈ বিক্ৰী কৰে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবেই আজি কৃষকে উৎপাদিত শস্য মধ্যভোগীৰ পৰিৱৰ্তে চৰকাৰক উচিত দামত বিক্ৰী কৰি লাভৱান্বিত হৈছে বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। তেওঁ কয়- আমাৰ আশা অসমৰ কৃষকে এদিন ৰপ্তানিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাৰ লগতে কৃষি অৰ্থনীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হব। এই সৰিয়হ বিক্ৰী কাৰ্যসূচীত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।