মিৰাটৰ ব্যৱসায়ীৰ গ্রাহকলৈ প্রত্যাহ্বান
🔷 ১২ কিলোগ্রামৰ ‘বাহুবলী’ চিংৰা আধাঘণ্টাত খালে লাভ কৰিব ৭১ হাজাৰ টকা
বিশেষ বাৰ্তা, ১৮ জুনঃ সময় দিয়া হ’ব আধাঘণ্টা৷ তাৰ ভিতৰতে খাই শেষ কৰিব লাগিব এটা চিংৰা৷ এই ‘বাহুবলী’ চিংৰাৰ ওজন অৱশ্যে কম নহয়৷ যিয়ে প্রস্তুত কৰিছে তেওঁৰ ভাষাত ‘মাত্র ১২ কিলোগ্রাম’। ৩০ মিনিটৰ ভিতৰত কোনোবাই ইয়াক খাই শেষ কৰিব পাৰিলে পুৰস্কাৰ হিচাপে পাব ৭১ হাজাৰ টকা৷ এই প্রত্যাহ্বান ৰাখিছে উত্তৰ প্রদেশৰ মিৰাটৰ এগৰাকী মিঠাই ব্যৱসায়ীয়ে৷ ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰাৰ লগে লগে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ মিৰাটৰ লালকুর্টি অঞ্চলত মিঠাইৰ দোকান আছে শুভম কৌশলৰ৷ তিনি প্রজন্ম ধৰি শুভমৰ পৰিয়ালে মিঠাই প্রস্তুত কৰি আহিছে৷ বিভিন্ন মিঠাইৰ সৈতে শুভমৰ দোকানত কচুৰী আৰু চিংৰাও পোৱা যায়৷ ১২ কিলোগ্রাম ওজনৰ চিংৰাটোত মচলা মিহলি আলু, পনীৰ, ড্রাই ফ্রুইটছ আদি ৰখা হৈছে৷ এই ‘বাহুবলী’ চিংৰা প্রস্তুত কৰিবলৈও বেছ অনুশীলন কৰিবলগীয়া হৈছে কাৰিকৰে৷ শুভমে উল্লেখ কৰা অনুসৰি, এই চিংৰাটো প্রস্তুত কৰিবলৈ সময় লাগিছে ৬ ঘণ্টা৷ কেৱল ভাজিবলৈ সময় লাগিছে ডেৰ ঘণ্টা৷ চিংৰা ভজা কামত নিয়োজিত আছিল তিনিজন কাৰিকৰ৷ এই ‘বাহুবলী’ চিংৰা এটাৰ খৰচ হৈছে ডেৰ হাজাৰ টকা৷ লক্ষণীয়ভাৱে এই চিংৰা বিচাৰি ইতিমধ্যে শুভমক অর্ডাৰ দিছে ৫০জন গ্রাহকে৷