বিশেষ বাৰ্তা, ১৮ জুনঃ বিগত প্ৰায় ৪৫ দিন ধৰি মণিপুৰত চলি থকা ধাৰাবাহিক হিংসাত্মক ঘটনা অত্যন্ত চিন্তনীয় বুলি এক বিজ্ঞপ্তিযোগে অভিহিত কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে। উল্লেখ্য যে যোৱা ৩ মে’ত লাই হাৰাওবা উৎসৱৰ সময়ত চুৰাচান্দপুৰত আয়োজন কৰা প্ৰতিবাদী সমাৱেশৰ পিছতে মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি আৰু অনিশ্চয়তাক গৰিহণা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। যুগ যুগ ধৰি পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতাৰে শান্তিপূৰ্ণ জীৱন যাপন কৰি অহা লোকসকলৰ মাজত সিদিনাৰ পৰা আৰম্ভ হোৱা অশান্তি আৰু হিংসাৰ ঢৌ এতিয়াও বন্ধ নোহোৱাটো অতিশয় দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে। এই ভয়ংকৰ সময়ছোৱাত ৫০ হাজাৰতকৈ অধিক ভুক্তভোগী লোকৰ লগতে বিপদৰ সন্মুখীন হৈ নিজ নিজ স্থান ত্যাগ কৰা ব্যক্তি আৰু অন্যান্য ভুক্তভোগীৰ কাষত থিয় হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। এই সন্দৰ্ভত সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে মত পোষণ কৰে যে গণতান্ত্ৰিক পৰিৱেশত হিংসা আৰু ঘৃণাৰ কোনো স্থান নাই, লগতে যিকোনো সমস্যাৰ সমাধান শান্তিপূৰ্ণ পৰিৱেশত পাৰস্পৰিক আলোচনা আৰু ভাতৃত্ববোধৰ প্ৰকাশৰ জৰিয়তেহে সম্ভৱ বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিশ্বাস কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সকলো পক্ষকে এই সংকটপূৰ্ণ সময়ত ইজনে সিজনৰ মাজত থকা বিশ্বাস অটুট ৰাখিবলৈ আহ্বান জনাইছে । এইক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ আন্তৰিকতা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন। মেইটেইসকলৰ মাজত নিৰাপত্তাহীনতা আৰু অসহায়তাৰ অনুভূতি আৰু কুকি সম্প্ৰদায়ৰ প্ৰকৃত উদ্বেগক উমৈহতীয়াভাৱে আলোচনা কৰি ইয়াৰ সমাধান কৰিব পৰা যাব বুলিও সংঘই মন্তব্য প্ৰকাশ কৰিছে। সংঘই মণিপুৰৰ স্থানীয় প্ৰশাসন, আৰক্ষী, সামৰিক আৰু কেন্দ্ৰীয় সংস্থাৰ লগতে চৰকাৰক আহ্বান জনাই কয় যে এই বেদনাদায়ক হিংসাত্মক ঘটনা তৎকালীনভাৱে বন্ধ কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰক৷ তদুপৰি হিংসাত্মক ঘটনাৰ কবলত পৰি নিজ নিজ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ লোকসকলৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ উপৰি শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। আনকি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমগ্ৰ নাগৰিক সমাজ, মণিপুৰৰ ৰাজনৈতিক গোট আৰু সাধাৰণ ৰাইজলৈও আহ্বান জনাই কয় যে বৰ্তমানৰ বিশৃংখল আৰু হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলোৱাৰ লগতে মানৱ জীৱনৰ সুৰক্ষা আৰু মণিপুৰত স্থায়ী শান্তি নিশ্চিত কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি এক বিজ্ঞপ্তিযোগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে আহ্বান জনাইছে ৷