বিশেষ বাৰ্তা, ২০ জুনঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত নলবাৰী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু যথেষ্ট কষ্টৰ ফলত আজিৰে পৰা মুকলি হ’ল নলবাৰী হৰিমন্দিৰ সমীপৰ উৰণ সেতু। উল্লেখ্য যে, নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত কালি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি ৰাইজৰ বাবে নৱ নিৰ্মিত সেতুখন ৰাইজৰ বাবে মুকলি কৰা হৱ বুলি ঘোষনা কৰিছিল। আজি উৰণ সেতুখন মুকলি হোৱাৰ পিছতেই এই সেঁতুখন মুকলি হোৱাৰ পিছতেই সেতুখনৰ নামাকৰণকলৈ আৰম্ভ হৈছে। এই উৰণ সেতুখন নলবাৰীৰ স্বাভিমান জীৱনশিল্পী, গুৰুজী আদ্য শৰ্মাৰ নামত নামকৰণ কৰাৰ বাবে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে দাবী জনায়। জীৱন শিল্পী গৰাকীৰ শিল্প কলাত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ, নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান প্ৰাণ পাই উঠিছিল। নলবাৰীৰ বাবে গুৰুজীয়ে সকলো ত্যাগ কৰি কেৱল সমাজৰ শিল্প কলাৰে প্ৰাণবন্ত কৰিছিল।গতিকে, স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই উৰণীয়া সেঁতুূখন নামাকৰণ কৰি নলবাৰী ৰাইজক উপহাৰ দিয়াৰ বাবে চৰকাৰ দাবী এক প্ৰেছ বিজ্ঞপ্তিযোগে দাবী জনাই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই।লগতে উৰণীয়া সেঁতুৰ তলৰ পথটো বিশেষকৈ ঠেলাচালক,ৰিস্কা আৰু সৰ্বসাধৰণ ৰাইজৰ বাবে অতিশীঘ্ৰে মুকলি কৰাৰ বাবে দাবী জনাই উৰণীয়া সেঁতুৰ ওপৰেৰে ৰিস্কাচালক, ঠেলাচালক আৰু পথচাৰী সকলে যাতায়ত কৰিব নোৱাৰে বাবে তলৰ পথটো বিভাগীয় ভাৱে মুকলি কৰিব লাগে।ইপিনে উক্ত উৰণীয়া সেঁতুখন নলবাৰীৰ স্বনামধন্য শিল্পী গুৰুজী আদ্য শৰ্মাৰ নামত নামকৰণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস আৰু সাধাৰণ সম্পাদক যোগেশ কলিতাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন