নিয়মীয়া বাৰ্তা, ১৯ জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত কালি ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া “বিষ্ণু ৰাভা দিৱস -২০২৩” আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তদুপৰি কাইলৈৰ বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’বলগীয়া সেই বঁটা প্ৰদান কাৰ্য্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব মন্ত্ৰী বিমল বড়া। বঁটা বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ২০২২ বৰ্ষৰ শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা, ২৩২৩ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা আৰু ৰাজ্যিক পৰ্য্যায়ৰ ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা, ২০২৩ বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা, ২০২৩ বৰ্ষৰ সতী সাধনী বঁটা, ২০২৩ বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা পোৱাসকলক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰিব। ইপিনে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া কালিৰ বিষ্ণু ৰাভা দিৱসৰ বাবে প্ৰতিকূল বতৰৰ মাজতেই বৰ্তমানে যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলি আছে আটক ধুনীয়া মঞ্চ আৰু বিশাল পেণ্ডেলৰ নিৰ্মাণৰ কাম। উল্লেখ্য যে ২১ জুনত ৰাজ্য চৰকাৰৰ উদ্যোগত হ’বলগীয়া নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসূচী ধুবুৰীৰ এই ঝগৰাৰপাৰৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। সিদিনা পুৱা ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ কাৰ্য্যসূচীতো উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে কাইলৈ দু-দিনীয়া কাৰ্য্যসূচীৰে ধুবুৰী জিলালৈ আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী