নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মিনিটত ছিঙিলে ৭ কেজি ৪৪০ গ্রাম কেঁচা চাহপাত : ৰেকৰ্ড কাকজানৰ লিলিমাই নায়কৰ

বিশেষ বাৰ্তা, ২০ জুনঃ জীৱনৰ অধিকাংশ সময় চাহগছৰ এটি কলি দুটি পাতৰ লগত কথা পাতি কটাই দিয়া যোৰহাটৰ কাকজান চাহ বাগিচাৰ ৰাজৈ সংমণ্ডলৰ লিলিমাই নায়ক নামৰ এগৰাকী মহিলাই যন্ত্রৰ দৰে কেঁচা চাহপাত ছিঙি একপ্রকাৰ দেশৰ ভিতৰতে ৰেকর্ড গঢ়িলে৷ এছিয়াৰ দ্বিতীয় সর্ববৃহৎ চাহ বাগিচা হিচাপে পৰিচিত তথা ১৮৯৭ চনতে প্রতিষ্ঠা কৰা কাকজান চাহ বাগিচাৰ ৰাজৈ সংমণ্ডলত টাটা এণ্টাৰপ্রাইজে ক্ষিপ্রতাৰে গুণগত পাত ছিঙা প্রতিযোগিতা আয়োজন কৰিছিল৷ এই সর্বভাৰতীয় প্রতিযোগিতাত দেশৰ ২৫খন ৰাজ্যই অংশ লৈ অৱশেষত ৩০গৰাকী প্রতিযোগী চূড়ান্ত প্রতিযোগিতাৰ বাবে মনোনীত হয়৷ কাকজান বাগিচাৰ ৰাজৈ সংমণ্ডলৰ লিলিমাই নায়ক নামৰ মহিলা চাহ শ্রমিকগৰাকীয়ে নির্ধাৰিত ২০ মিনিটত ৭ কিলোগ্রাম ৪৪০ গ্রাম গুণগত কেঁচা চাহপাত ২০৮ জোপা চাহগছৰ পৰা সংগ্রহ কৰি বিজয়ী হয়৷ স্বাভাৱিকতে এগৰাকী চাহ শ্রমিক মহিলাহ নির্ধাৰিত ২০ মিনিটত সর্বাধিক ৫ৰ পৰা ৫.৫০০ কিলোগ্রাম কেঁচাপাত সংগ্রহ কৰিব পাৰে৷ কিন্তু যন্ত্রৰ দৰে ক্ষিপ্র গতিত পাত ছিগা লিলিমাই নায়ক ব্যতিক্রম৷ নিজৰ বৃত্তিটোক সন্মান জনাই একাগ্রতাৰে কাম কৰি অহা লিলিমাই নায়ক সেই লৈ বাগিচাখনৰ সকলোৰে প্রিয়৷ মূলতঃ চাহ শ্রমিক মহিলাসকলক উৎসাহী কৰি তুলিবলৈ কাকজান চাহ বাগিচাই আয়োজন কৰা এহ প্রতিযোগিতাত শ্রেষ্ঠত্ব অর্জন কৰি মুখত হাঁহি বিৰিঙি উঠা লিলিমাহ নায়কক এক লাখ টকা, দ্বিতীয় শ্রেষ্ঠগৰাকীক ৭৫ হাজাৰ আৰু তৃতীয় শ্রেষ্ঠগৰাকীক ৫০ হাজাৰ টকাৰ চেক প্রদান কৰে টাটা এণ্টাৰপ্রাইজে৷ নিজৰ বৃত্তিটোৰে জিলিকি উঠা লিলিমাহ নায়কে কয়– এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা৷ বহিঃৰাজ্যৰ পৰা অহা প্রতিযোগীসকলৰ পৰা বহু অভিজ্ঞতা গোটালোঁ৷ ইপিনে, বাগিচাখনৰ ৰাজৈ সংমণ্ডলৰ ছিনিয়ৰ এছিছটেণ্ট মেনেজাৰ ৰাজীৱ কুমাৰ সাহাই উক্ত প্রতিযোগিতা সন্দর্ভত অৱগত কৰা অনুসৰি অভিজ্ঞ বিচাৰকৰ উপস্থিতিত আয়োজন কৰা এই প্রতিযোগিতা কেৱল সময়ৰ ওপৰতেহ নহয়, পাতৰ গুণাগুণৰ পৰা আৰম্ভ কৰি প্রতিটো দিশ চোৱা হৈছিল৷ এইক্ষেত্রত ২৫খনকৈ ৰাজ্যৰ প্রতিযোগীক চেৰ পেলাই লিলিমাই নায়কে শ্রেষ্ঠত্ব প্রদর্শন কৰা বিষয়টো অসমবাসীৰ বাবেই গৌৰৱৰ কথা৷ উল্লেখ্য যে ইংৰাজসকলে স্থাপন কৰি যোৱা কাকজান চাহ বাগিচাই পূর্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চাহৰ গুণগত মানক আজিও গুৰুত্ব দি আহিছে৷

প্ৰেৰক দিগন্ত হাজৰিকা

You might also like