নিয়মীয়া বাৰ্তা, ২১ জুনঃ “আন্তঃৰাষ্টীয় যোগ দিৱস উপলক্ষে মই ধুবুৰীবাসী ৰাইজৰ লগতে সমূহ অসমবাসীক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ঐতিহ্যমণ্ডিত ধুবুৰীত কালি কলাগুৰু বিষ্ণু ৰাভা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰিছিলোঁ আৰু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসো আমি এই ধুবুৰী চহৰতে পালন কৰিছোঁ। কালি আৰু আজিৰ অনুষ্ঠানত ধুবুৰীবাসী ৰাইজৰ যি সহায় আৰু সহযোগিতা, তাৰ বাবে ধুবুৰীবাসী ৰাইজক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।” ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ উপস্থিতিত আজি পুৱা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধাৰাসাৰ বৰষুণকো আওকাণ কৰি উপস্থিত থকা অগণন লোকক উদ্দেশ্যি এইদৰে কয়।
ভাৰতৰ চহকী সভ্যতা আৰু সংস্কৃতিৰ সৈতে যোগ-ব্যায়ামৰ গভীৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- “প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে আজি এক গৌৰৱৰ দিন। গৌৰৱজ্জ্বল ভাৰতীয় সভ্যতা, সংস্কৃতিৰ অমূল্য অৱদান যোগ আজি সমগ্ৰ বিশ্বই আঁকোৱালি লৈ সমগ্ৰ পৃথিবীতে আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে।” তেওঁ আৰু কয় যে বসুধৈৱ কুটুম্বকমৰ বাবে যোগ শীৰ্ষক বিষয়বস্তুৰে এক পৃথিৱীত এক পৰিয়াল এক ভৱিষ্যতৰ বাবে আমাৰ সামূহিক আকাংক্ষাক সুন্দৰভাৱে সামৰি লৈ বিশ্ববাসীয়ে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ পৰাই এই বিশ্ব যোগ দিৱসক নেতৃত্ব দিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। মুখ্যমন্ত্ৰীগৰাকীৰ মনোজ্ঞ ভাষণৰ মাজে মাজে হাতচাপৰিৰে তেওঁৰ বক্তব্যক সমৰ্থন জনোৱাও দেখা যায় উপস্থিত ৰাইজে। সভাথলীতে উপস্থিত ৰাইজ, অন্যান্য গণমান্য ব্যক্তি আৰু উপস্থিত চৰকাৰী আমোলা-বিষয়াকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে একেলগে যোগৰ কেইটাবাটাও কৌশল অনুশীলন কৰাৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আজিৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সমাপন ঘটে। আজিৰ এই কাৰ্য্যসূচীত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে অসম চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা-বিষয়া উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী