নিয়মীয়া বাৰ্তা, ২১ জুনঃ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ খচৰাত ৰাভা হাছং পৰিষদৰ অন্তৰ্গত কামৰূপৰ বকো বিধানসভা সমষ্টি, গোৱালপাৰাৰ দুধনৈ আৰু পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি হিচাপে প্ৰকাশ পোৱাত উৎফুল্লিত ৰাভা হাছংবাসী। উল্লেখ্য যে পূৰ্বে ৰাভা হাছং এলেকাত মাত্ৰ দুধনৈ সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিল। আজি দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা জাতীয় পৰিষদ, নিখিল ৰাভা সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সন্মিলন, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে এক আদৰণী শোভাযাত্ৰা উলিয়ায় । দুধনৈৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিওৱা আদৰণী শোভাযাত্ৰাত ৰাভা জাতীয় সংগঠনসমূহৰ লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উপৰি সমূহ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে অংশগ্ৰহণ কৰে ।
প্ৰেৰক বেনজিন বড়ো