নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বানৰ শংকাৰ মাজতে বন্যহস্তীৰ তাণ্ডৱত বিনিদ্ৰ ৰজনী গঞাৰ

বিশেষ বাৰ্তা, ২১ জুনঃ ডিব্ৰুগড়ত বানৰ শংকাৰ মাজতে এতিয়া বনৰীয়া হাতীৰ তাণ্ডৱত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে বৃহত্তৰ গৰুধৰীয়া অঞ্চলবাসী।এফালে বানৰ তাণ্ডৱ,আনফালে নিজৰ খেতি-পথাৰ হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰা।বন বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থাকিও কিন্তু আস্বস্ত নহয় অঞ্চলবাসী।কিয়নো সুদীৰ্ঘকাল শ-শ বনৰীয়া হাতীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে যদিও ঢাল নাই,তৰোৱাল নাই;নিধিৰাম চৰ্দাৰ দৰে হৈছেগৈ বিভাগটো। ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ লৰুৱা মৌজা অন্তর্গত মধুপুৰৰ গৰুধৰীয়া,বাৰেঘৰীয়া গ্রামাঞ্চলত প্ৰতি বছৰে মধুপুৰ দিহিংমুখ সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তী ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে।জানিব পৰা অনুসৰি বিগত এমাহ ধৰি বৃহত্তৰ গৰুধৰীয়া আৰু বাৰেঘৰীয়াত বন্যহস্তীৰ উপদ্ৰৱত গঞাবাসীয়ে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।উক্ত অঞ্চলত বিয়াগোম বন বিভাগৰ এটা বিট অফিচ থকা স্বত্বেও বিভাগীয় কর্তৃপক্ষ কিন্তু গভীৰ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন বুলি স্থানীয় ৰাইজৰ লগতে বৃহত্তৰ বৰবৰুৱা নাগৰিক মঞ্চৰ সভাপতি চিদানন্দ গগৈ আৰু সম্পাদক গিৰিশ গগৈয়ে এক বিজ্ঞপ্তিত অভিযোগ কৰিছে। আনহাতে সম্ভাব্য জন-ধনৰ ক্ষতিৰ ভয়ত গঞা ৰাইজে বিভাগীয় কর্তৃপক্ষক বনৰীয়া হাতীজাক খেদি পঠিয়াবলৈ অনুনয়-বিনয় কৰিছে যদিও আজি পর্যন্ত কোনো যাবতীয় ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱৰ্তে সকলো দেখি-শুনিও চকু মুদা কুলিৰ দৰে ভাও ধৰি অহাৰো অভিযোগ কৰে।উল্লেখ্য যে যোৱা বছৰ উক্ত গাঁৱৰে এগৰাকী বাসিন্দাই হাতীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।তেনে ধৰণৰ কৰুণ তথা বেদনাদায়ক ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লৰুৱা মৌজাৰ অন্তৰ্গত গৰুধৰীয়া আৰু বাৰেঘৰীয়া গঞাবাসী ৰাইজক, বন্যহস্তীৰ উপদ্ৰৱৰ পৰা জন-ধন তথা জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এক বিবৃত্তিৰ জৰিয়তে সংশ্লিষ্ট বিভাগীয় কর্তৃপক্ষ আৰু অসম চৰকাৰক বৃহত্তৰ বৰবৰুৱা নাগৰিক মঞ্চৰ সভাপতি চিদানন্দ গগৈ আৰু সম্পাদক গিৰিশ গগৈয়ে আহ্বান জনাইছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like