ইণ্ডিগো এয়াৰলাইনে ক্রয় কৰিব ৫০০ নতুন বিমান
বিশেষ বাৰ্তা, ২২ জুনঃ ফ্রান্সৰ ৰাজধানী পেৰিছত উৰণ সংস্থা ইণ্ডিগো আৰু এয়াৰবাছৰ মাজত এক ‘এয়াৰ শ্বো’ আৰম্ভ হৈছে৷ আৰম্ভণিৰ দিনাখনেই ভাৰতীয় উৰণ সংস্থা ইণ্ডিগো এয়াৰ লাইনৰ তৰফৰ পৰা এয়াৰবাছৰ সৈতে এক গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰ কৰা হৈছে৷ এই চুক্তি অনুসৰি এয়াৰবাছৰ পৰা ৫০০খন এ–৩২০ মডেলৰ বিমান ক্রয় কৰিব ইণ্ডিগো এয়াৰ লাইনে৷ এয়াৰবাছৰ পিটাৰ এলবার্ছ আৰু ইণ্ডিগোৰ মুখ্য কার্যবাহী বিষয়া (চিই’) ৰাহুল ভাটিয়াৰ মাজত এই চুক্তি স্বাক্ষৰ হৈছে৷ কোনো উৰণ সংস্থাই একেলগে ইমানসংখ্যক বিমান ক্রয়ৰ চুক্তি কৰাটো এক অভিলেখ হিচাপে চিহ্ণিত হৈছে৷ এই বিমানসমূহ ইণ্ডিগোৱে ২০৩০ৰ পৰা ২০৩৫ৰ ভিতৰত লাভ কৰিব৷