নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপসী বিমানবন্দৰক লজিষ্টিকছ হাবলৈ ৰূপান্তৰৰ চিন্তা চৰ্চা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ সামৰিক বিমানঘাটি হিচাপে ব্যৱহৃত হোৱা ঐতিহাসিক ৰূপসী বিমানবন্দৰে পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনা এক ফেচবুক লাইভযোগে চৰকাৰে ৰূপসী বিমানবন্দৰক এক বৃহৎ লজিষ্টিকছ আৰু কাৰ্গো হাব হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়টো লৈ পৰ্যালোচনা কৰি থকা বুলি সদৰি কৰিছে।

বৰ্তমানৰ বডোলেণ্ড আঞ্চলিক পৰিষদ (BTR) এলেকাত অৱস্থিত ৰূপসী বিমানবন্দৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছসকলে নিৰ্মাণ কৰিছিল। প্ৰায় ২,৫০০ বিঘা ভূমিৰ ওপৰত বিস্তৃত এই বিমানঘাঁটিত আছিল ৬,০০০ ফুট দৈৰ্ঘ্যৰ ৰানৱে, টাৰ্মিনেল ভৱন, গাড়ী পাৰ্কিং ব্যৱস্থা আৰু একেলগে ৫২টা বিমান ৰখাৰ হেংগাৰ।

স্বাধীনতাৰ পিছত সামৰিক নহয়, অসামৰিক বিমান বন্দৰ ৰূপেহে ব্যৱহৃত হবলৈ লৈছিল ৰূপসী। ষাঠিৰ দশকত ইয়াৰ পৰা পশ্চিমবংগৰ কোচবিহাৰ আৰু শিলিগুৰী হৈ ক’লকাতাগামী ডাকোটা বিমান নিয়মিতভাৱে অহা যোৱা কৰিছিল। আনকি ১৯৮০ চনত ৰূপসী বিমান বন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰগামী বিমান সেৱাও আৰম্ভ কৰিছিল বায়ুদূতে। কিন্তু তাৰ পিছৰ বছৰৰ পৰাই বন্ধ হৈ গৈছিল সেই সেৱা।

কেন্দ্ৰীয় চৰকাৰৰ UDAN-2 (উড়ে দেশ কা আম নাগৰিক) আঁচনিৰ অধীনত ৰূপসী বিমানবন্দাৰৰ পুনৰুজ্জীৱনৰ সিদ্ধান্ত লোৱা হয়। প্ৰথম পৰ্যায়ত ৰানৱে পুনৰ নিৰ্মাণ আৰু সীমা প্ৰাচীৰ নিৰ্মাণৰ বাবে ৪০ কোটি টকা অনুমোদন কৰা হয়। ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ত আধুনিক যাত্ৰী টাৰ্মিনেল, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC) টাৱাৰ, নিৰাপত্তা কৰ্মচাৰীৰ আবাসগৃহ আদি নিৰ্মাণৰ বাবে অতিৰিক্ত ৬৯ কোটি টকা ব্যয় কৰা হয়। দীৰ্ঘ দশকৰ নীৰৱতাৰ অন্ত পেলাই পুনৰ আৰম্ভ হয় বাণিজ্যিক বিমান চলাচল।

মুখ্যমন্ত্ৰীৰ সাম্প্ৰতিক মন্তব্যই ইঙ্গিত দিছে যে ৰূপসী বিমানবন্দৰৰ ভূমিকা এতিয়া কেৱল যাত্ৰী পৰিবহণত সীমাবদ্ধ নাথাকিব। ভাৰত-বাংলাদেশ সীমান্তৰ নিকটৱৰ্তী কৌশলগত অৱস্থানক কেন্দ্ৰ কৰি ইয়াক এক শক্তিশালী কাৰ্গো আৰু লজিষ্টিকছ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।

এই প্ৰকল্প বাস্তৱায়িত হ’লে ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা জিলাৰ কৃষিজাত সামগ্ৰী, মাছ, উদ্যান শস্য, ক্ষুদ্ৰ উদ্যোগৰ সামগ্ৰী আৰু ই-কমাৰ্চ পণ্য দ্ৰুতগতিত দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিব পৰা যাব। একে সময়তে, কেবল অসমেই নহয়; মেঘালয় আৰু উত্তৰবংগও উপকৃত হোৱাৰ সম্ভাৱনা আছে।

বিশেষজ্ঞসকলৰ মতে, উপযুক্ত কাৰ্গো পৰিকাঠামো গঢ়ি উঠিলে ৰূপসী বিমানবন্দৰ ভৱিষ্যতে বাংলাদেশ, ভূটান আৰু ম্যানমাৰৰ সৈতে আঞ্চলিক বাণিজ্য সংযোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হ’ব পাৰে। ই ভাৰতৰ Act East Policy-কো অধিক শক্তিশালী কৰি তুলিব।

যুদ্ধকালীন বিমানঘাঁটি, অসামৰিক বিমানবন্দৰ, দীৰ্ঘদিনৰ অৱহেলা আৰু পুনৰুজ্জীৱনৰ অধ্যায় অতিক্ৰম কৰি ৰূপসী বিমানবন্দৰ এতিয়া নতুন এক পৰিচয়ৰ সন্ধিক্ষণত থিয় দিছে। চৰকাৰৰ পৰিকল্পনা বাস্তৱায়িত হ’লে এই ঐতিহাসিক বিমানবন্দৰটো সূচনা কৰিব পশ্চিম অসমৰ অৰ্থনীতি, বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক উন্নয়নৰ এক নতুন গৌৰৱময় যাত্ৰাৰ। সেয়ে, আশা এয়াই এতিয়া -ৰূপসীৰ আকাশত পুনৰ উৰিব ইতিহাস— উন্নয়ন আৰু বাণিজ্যৰ।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ জুন

You might also like