ধুবুৰী চহৰৰ ব্যস্ত জীৱনৰ মাজতেই নিৰৱে থিয় হৈ আছে এটা ঐতিহাসিক স্থাপত্য। বহু দশক ধৰি স্থানীয় লোকসকলৰ মাজত “আৰ্মেনিয়ান গীৰ্জা” নামে পৰিচিত এই অট্টালিকাক কেন্দ্ৰ কৰি আজিও চলি আছে বিতৰ্ক, কৌতূহল আৰু ইতিহাসৰ অনুসন্ধান।
চহৰখনৰ ১ নং ৱাৰ্ডৰ পি এম দত্ত বৰুৱা পথত অৱস্থিত এই ঐতিহ্যমণ্ডিত ভৱনটো বৰ্তমান ‘লেডিজ ক্লাব’ হিচাপে ব্যৱহৃত হ’লেও, ইয়াৰ স্থাপত্যশৈলী আৰু অতীতক লৈ এতিয়াও বহু প্ৰশ্নৰ উত্তৰ অজানাই ৰৈ গৈছে।
গম্বুজযুক্ত ছাদ, খিলান আকৃতিৰ জানলা আৰু গীৰ্জাসদৃশ গঠন দেখি বহু ইতিহাসবিদে অনুমান কৰে যে এসময়ত ই আৰ্মেনিয়ান খ্ৰীষ্টান সম্প্ৰদায়ৰ উপাসনাস্থলী আছিল। ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায়, প্ৰাক্-স্বাধীনোত্তৰ যুগত ধুবুৰী আছিল ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক গুৰুত্বপূৰ্ণ বাণিজ্যিক বন্দৰ।
ভাৰতৰ পূৰ্বাঞ্চলত বাণিজ্য বিস্তাৰ কৰা আৰ্মেনিয়ান ব্যৱসায়ীসকলৰ উপস্থিতিও এই অঞ্চলত আছিল বুলি বিভিন্ন তথ্যত উল্লেখ আছে। ১৯০১ চনৰ লোকপিয়লতো ধুবুৰীত আৰ্মেনিয়ান বাসিন্দাৰ অস্তিত্বৰ তথ্য পোৱা যায়।
স্থানীয় জনশ্ৰুতি অনুসৰি, এই ভৱনৰ কাষতে আৰ্মেনিয়ানসকলৰ সমাধিক্ষেত্ৰও আছিল। যদিও সময়ৰ সোঁতত বহু ঐতিহাসিক চিহ্ন হেৰাই গৈছে, তথাপিও এই কাহিনীবোৰে গীৰ্জাটোৰ অস্তিত্বৰ দাবীক অধিক জোৰদাৰ কৰি আহিছে।
উল্লেখযোগ্য যে, কেইবাবছৰ পূৰ্বে আৰ্মেনিয়া চৰকাৰৰ কূটনৈতিক মহলেও ধুবুৰীৰ এই সম্ভাৱ্য আৰ্মেনিয়ান গীৰ্জাক লৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু এতিয়ালৈকে কোনো চৰকাৰী নথি-পত্ৰ, শিলালিপি বা গীৰ্জাৰ আনুষ্ঠানিক তথ্য উদ্ধাৰ নোহোৱাত ৰহস্যটোৰ সমাধান হোৱা নাই।
ইতিহাসবিদসকলৰ মতে, এই স্থাপনাটো সঁচাকৈয়ে আৰ্মেনিয়ান গীৰ্জা আছিল নে নহয়, তাৰ নিশ্চিত প্ৰমাণ এতিয়াও পোৱা হোৱা নাই। কিন্তু ধুবুৰীৰ সাংস্কৃতিক ঐতিহ্য আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংযোগৰ এক গুৰুত্বপূৰ্ণ সাক্ষী হিচাপে ইয়াৰ মূল্য অপৰিসীম।
এশ বছৰতকৈও অধিক সময় ধৰি থিয় হৈ থকা এই নিৰৱ স্থাপনাটোৱে যেন আজিও অপেক্ষা কৰি আছে—কোনোবাই হয়তো এদিন উন্মোচন কৰিব ইয়াৰ বুকুত লুকাই থকা ইতিহাসৰ প্ৰকৃত সত্য। ইয়াতে, উল্লেখনীয় এয়াও যে, অবহেলা, যথাযথ পৰিচৰ্যা আৰু সংৰক্ষণৰ অভাৱত ক্ৰমশঃ জহি-খহি যাবলৈ ধৰিছে শতাব্দ প্ৰাচীন এই ভৱনটো।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ জুন