ফিফা বিশ্বকাপৰ মাজতে চুৰিকাণ্ড! আমেৰিকাৰ আয়োজকত্বক লৈ পুনৰ প্ৰশ্ন
ফিফা বিশ্বকাপ ২০২৬ আৰম্ভ হোৱাৰ লগে লগে নতুন বিতৰ্কই শিৰোনাম দখল কৰিছে। এইবাৰ আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে প্ৰতিযোগিতাখনৰ আয়োজকত্ব গ্ৰহণ কৰিছে।
কিন্তু প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগৰে পৰা আমেৰিকাত বিভিন্ন বিতৰ্কই দেখা দিছে। খেলুৱৈসকলৰ কঠোৰ নিৰীক্ষণ, ইৰানৰ খেলৰ টিকটক লৈ বিতৰ্ক আৰু বিমানবন্দৰত খেলুৱৈ-ৰেফাৰীক দীঘলীয়া জেৰাৰ পিছত এতিয়া নতুনকৈ চুৰিকাণ্ডই আলোচনাৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ইংলেণ্ড ফুটবল দলটোৱে অহা ১৮ জুনত টেক্সাছত ক্ৰোৱেছিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। ইয়াৰ পূৰ্বে দলটোৱে ফ্ল’ৰিডাত অনুশীলন চলাই আছিল। শনিবাৰে খেলুৱৈ আৰু কোচিং ষ্টাফসকল কেনছাছ চিটিলৈ যোৱাৰ কথা আছিল যদিও তাৰ আগতেই দলটোৰ বহু গুৰুত্বপূৰ্ণ সা-সঁজুলি চুৰি হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইংলেণ্ড দলৰ সা-সঁজুলি ফ্ল’ৰিডাৰ পৰা কেনছাছ চিটিলৈ নিয়াৰ সময়তে এই চুৰিকাণ্ড সংঘটিত হয়। দলটোৰ সামগ্ৰী আগতেই গন্তব্যস্থানত পঠিওৱা হৈছিল যদিও কেনছাছ চিটিত উপস্থিত হোৱাৰ পিছত কিছুমান সামগ্ৰী নিৰুদ্দেশ হোৱা ধৰা পৰে।
চুৰি হোৱা সামগ্ৰীৰ ভিতৰত খেলুৱৈসকলৰ বুট, অনুশীলনৰ বাবে ব্যৱহৃত ফুটবল, নেট আৰু কোচিং ষ্টাফৰ বিভিন্ন সা-সঁজুলি অন্তৰ্ভুক্ত আছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰো কৰিছে।
তথ্য অনুসৰি, চুৰি হোৱা অধিকাংশ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তথাপিও এই ঘটনাই বিশ্বকাপৰ আয়োজক দেশ আমেৰিকাৰ সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।
উল্লেখ্য যে, ফুটবল বিশ্বকাপৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে তিনিখন দেশে একেলগে প্ৰতিযোগিতাখনৰ আয়োজকত্ব গ্ৰহণ কৰিছে। আমেৰিকাৰ সৈতে মেক্সিকো আৰু কানাডাও সহ-আয়োজক দেশ হিচাপে আছে।
ডিজিটেল ডেস্ক, ১৫ জুন