আটলাণ্টিকৰ বক্ষৰ পৰা ৩০ মিনিটৰ ব্যৱধানত আহিছে শব্দ
🔷 টাইটানৰ সন্ধান পোৱা নাই উদ্ধাৰকাৰী দলে
বিশেষ বাৰ্তা, ২২ জুনঃ আৰু মাত্র ৩০ ঘণ্টাৰ অক্সিজেন অৱশিষ্ট আছে টাইটান নামৰ ছাবমেৰিনখনত৷ বিখ্যাত টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পর্যটকক লৈ গৈ সন্ধানহীন হোৱা ছাবমেৰিনখন বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰীসকলে বিৰামহীন প্রচেষ্টা চলাই আছে৷ অভিযানত নামিছে ফ্রান্সৰ ছাবমেৰিনো৷ উল্লেখনীয় যে ৪ পর্যটকসহ পাঁচগৰাকী লোক আছিল ছাবমেৰিনখনত৷ আটলাণ্টিক মহাসাগৰৰ গভীৰত সন্ধানহীন হৈছে এই ছাবমেৰিনখন৷ ছাবমেৰিনখন সমুদ্রৰ ১২ হাজাৰ ফুট তলিত আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে৷ শেহতীয়াকৈ উদ্ধাৰকাৰী দলে সংগ্রহ কৰা তথ্য অনুসৰি, প্রতি ৩০ মিনিটৰ মূৰে মূৰে হাতুৰীৰে কোবোৱাৰ দৰে শব্দ সমুদ্রৰ গভীৰৰ পৰা আহি আছে৷ এই শব্দ ধৰা পৰিছে বায়ুসেনাৰ ৰাডাৰত৷ এয়া ছাবমেৰিনৰ পৰা অহা শব্দ নে কি, তাক এতিয়াও অৱশ্যে নিশ্চিত কৰিব পৰা পৰা নাই উদ্ধাৰকাৰী দলে৷ প্রচণ্ড শীত আৰু গভীৰ জলৰাশিত ছাবমেৰিনখন উদ্ধাৰ কৰিব পৰা যাব নে নাই, তাক লৈ সৃষ্টি হৈছে সন্দেহ৷ স্মর্তব্য যে ৯৬ ঘণ্টাৰ বাবে অক্সিজেন মজুত আছিল ছাবমেৰিনখনত৷ ইতিমধ্যে ভালেখিনি সময় উকলি গৈছে৷