হোৱাইটহাউছত মার্কিন ৰাষ্ট্রপতিৰ নৈশ আহাৰত অংশগ্রহণ মোদীৰ
বিশেষ বাৰ্তা, ২২ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত আন্তর্জাতিক যোগ দিৱসক নেতৃত্ব দি গিণিজ বুক অব ৱর্ল্ড ৰেকর্ড গঢ়াৰ অন্তত দেশখনৰ ৰাজধানী ৱাশ্বিংটন ডিচিত ভ্রমণৰ দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূর্ণ কার্যসূচীত অংশ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিউয়র্ক ভ্রমণ সামৰি ৰাজধানী ৱাশ্বিংটন ডিচিত অৱতৰণ কৰাৰ পাছতে জইন্ট বেছ এণ্ড্রিউজত প্রধানমন্ত্রী মোদীক গার্ড অব অনাৰ দিয়ে৷ ৰেইনকোট পৰিহিত প্রধানমন্ত্রী মোদীয়ে গার্ড অব অনাৰ গ্রহণ কৰাৰ পাছতে তেওঁৰ নির্ধাৰিত স্থানলৈ যায়৷ নিউয়র্কৰ লেখিয়াকৈ ৱাশ্বিংটন ডিচিতো প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনায় প্রৱাসী ভাৰতীয়ই৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আমন্ত্রণ মর্মে প্রথম চৰকাৰী ভ্রমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্রলৈ যোৱা প্রধানমন্ত্রী মোদীক সপত্নীক বাইডেনে হোৱাইট হাউছত আদৰণি জনায়৷ প্রধানমন্ত্রীৰ সন্মানার্থে সপত্নীক বাইডেনে আয়োজন কৰা নৈশ আহাৰত অংশগ্রহণ কৰে প্রধানমন্ত্রী মোদীয়ে৷ হোৱাইট হাউছত প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি বাইডেন আৰু ফার্ষ্ট লেডী জিল বাইডেনৰ সৈতে ব্যক্তিগত বৈঠক কিম্বা অন্তৰংগ আলাপত মিলিত হয়৷ এই আলাপৰ সময়ত প্রধানমন্ত্রী মোদী আৰু সপত্নীক বাইডেনে দেশৰ লগতে বিভিন্ন বিষয়ক লৈ আলোচনা কৰে৷ বৈঠকৰ পাছত প্রধানমন্ত্রী মোদী আৰু সপত্নীক বাইডেনে দুয়ো দেশৰ ঐহিত্যপূর্ণ সংগীত শুনে৷ নৈশ আহাৰৰ পাছত মোদী আৰু সপত্নীক বাইডেনৰ মাজত উপহাৰ বিনিময় হয়৷ মার্কিনৰাষ্ট্রপতি বাইডেনক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগবঢ়ায় উপনিষদ, হস্তনির্মিত চন্দন কাঠৰ বাকচ (বাচকৰ ভিতৰত গণেশৰ ৰূপৰ মূর্তি, এটা অইল লেম্প, এখন কপাৰ প্লেট আৰু ১০ দানম (১০টা ৰূপৰ বাকচ)কে ধৰি কেইবাটাও ভাৰতীয় কাৰুকার্য আৰু ঐতিহ্য বহন কৰা সামগ্রী উপহাৰ দিয়ে৷ ফার্ষ্ট লেডী জিল বাইডেনক প্রধানমন্ত্রী মোদীয়ে গৱেষণাগাৰত প্রস্তুত কৰা ৭.৫ কেৰেট সেউজ হীৰা উপহাৰ হিচাপে প্রদান কৰে৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বার্ষিকী উদ্যাপনৰ উপলক্ষে ফার্ষ্ট লেডী জিল বাইডেনক ৭.৫ কেৰেট সেউজ হীৰা উপহাৰ হিচাপে দিয়া হয়৷ এই হীৰা ৰাখিবৰ বাবে কাশ্মীৰৰ ঐতিহ্যমণ্ডিত কৰ–ই–কলমদানি (পেপিয়াৰ মেছে)ও উপহাৰৰ ৰূপত দিয়া হয়৷ ইপিনে মার্কিন ৰাষ্ট্রপতি বাইডেন আৰু ফার্ষ্ট লেডী জিল বাইডেন প্রধানমন্ত্রী মোদীক উপহাৰ হিচাপে আগবঢ়ায় হস্তলিখিত আমেৰিকানৰ গ্রন্থপুঁজি৷ এই গ্রন্থপুঁজি কুৰি শতিকাৰ প্রাৰম্ভৰে গ্রন্থ সন্নিৱিষ্ট হৈ আছে৷ ইয়াৰ লগতে উপহাৰ হিচাপে আগবঢ়ায় ঐতিহ্যমণ্ডিত আমেৰিকান কেমেৰা৷ প্রথম ক’ডাক কেমেৰাৰ জর্জ ইষ্টমেনৰ পেটেণ্টৰ প্রতিলিপি এটাও আগবঢ়োৱা হয়৷ ‘ৰবার্ট ফ্রষ্টৰ কবিতা সংকলন’ৰ প্রথম সংস্কৰণৰ স্বাক্ষৰিত কপি এটাও মোদীক উপহাৰ দিয়ে বাইডেনে৷ ইপিনে ২১ জুনৰ পৰা ২৪ জুনলৈকে আমেৰিকা ভ্রমণৰত প্রধানমন্ত্রী মোদীৰ উপস্থিতিতে দুয়োখন দেশৰ প্রতিৰক্ষা খণ্ডত বৃহৎ চুক্তি সম্পন্ন হয়৷ আমেৰিকাৰ জি ই এৰ’স্পেচৰ সৈতে প্রতিৰক্ষা খণ্ডক শক্তিশালীকৰণৰ চুক্তি হয় ভাৰতীয় হিন্দুস্তান এৰ’নটিকছ লিমিটেড (এইচএএল)ৰ৷ এই চুক্তি অনুসৰি জি ই এৰ’স্পেচৰ এফ ৪১৪ যুদ্ধবিমানৰ ইঞ্জিন ভাৰতত নির্মাণ কৰিব এইচএএলে৷ এই ইঞ্জিন নির্মাণে ভাৰতকো অধিক শক্তিশালী কৰাৰ সুযোগ লাভ কৰিব৷ ভাৰতৰ তেজস লঘু যুদ্ধ বিমান টিএলচিএৰ এম কে দ্বিতীয় সংস্কৰণ শক্তিশালীকৰণত এই ইঞ্জিন নির্মাণ প্রক্রিয়াই সহায় কৰিব৷