বিশেষ বাৰ্তা, ২২ জুনঃ আজি নিশাৰ পৰা অম্বুবাচী মেলাৰ প্ৰবৃত্তি ঘটিব। এই উপলক্ষে মা কামাখ্যা দেৱালয়ত লাখ লাখ ভক্তৰ সমাগম ঘটিছে। দেশ তথা বহিঃৰাষ্ট্ৰৰ পৰা ভক্তই আহি ভিৰ কৰিছে শক্তিপীঠ কামাখ্যা মন্দিৰত। উল্লেখ্য আজি বিয়লি মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচন প্রাংগণত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক উৎসৱ অম্বুবাচী মেলা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
মেলা উদ্বোধন কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমবাসীৰ লগতে দেশ-বিদেশৰ পৰা আহি মহানগৰীত উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজক অম্বুবাচী মেলালৈ আদৰণি জনাইছোঁ। ইফালে কামাখ্যালৈ অহা ভক্তগণৰ যাতায়াতৰ সুবিধাৰ বাবে কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা পাণ্ডু প’র্টৰ অস্থায়ী শিৱিৰলৈ চৰকাৰী বাছৰ ব্যৱস্থাও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। ইয়ে তীর্থযাত্রীসকলৰ কষ্ট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। অম্বুবাচী মেলা উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Next Post
You might also like