কুপৱাৰা সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা, চাৰি উগ্ৰপন্থী নিহত
বিশেষ বাৰ্তা, ২৩ জুনঃ পুনৰ কাশ্মীৰত উগ্ৰপন্থীৰ অনুপ্ৰৱেশ বিফল কৰিলে নিৰাপত্তাৰক্ষীয়ে। পিঅ’কেৰ পৰা জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ মাচাল ছেক্টৰত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা অৱস্থাত জোৱানৰ হাতত চাৰিটা উগ্ৰপন্থী নিহত হয়। শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে কাশ্মীৰ আৰক্ষীয়ে। ভাৰতীয় সেনাৰ সৈতে যৌথ অভিযান চলায় আৰক্ষীয়ে। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনায়- “কুপৱাৰাৰ মাচাল ছেক্টৰৰ কলা জংঘলত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ত চাৰিজন উগ্ৰপন্থী নিহত হয়।’